Pm Modi Election Rally in Barpeta:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসমত পুনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী গৰাকীয়ে দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে নিশা দিল্লীৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে খানাপাৰাস্থিত কইনাধৰাত নিশাটো কটাই ৷
সোমবাৰে পুৱাই বায়ুসেনাৰ হেলিকপ্টাৰৰে বৰপেটাৰ মিনি ষ্টেডিয়ামত বিশৰল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী । প্ৰায় একলাখৰো অধিক লোকৰ সমাগমৰে হোৱা বিশাল সভাখনত সম্বোধন কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ আমাৰ আই মাতৃ সকলে লাভ কৰা চৰকাৰী অনুদানক হিতাধিকাৰী বুলি কৈ উপহাস কৰাৰ ধৃষ্টতা দেখুৱাইছে কংগ্ৰেছে । সেয়েহে আমাৰ মহিলা সকলে ইভিএমৰ জৰিয়তে কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে ৷ আচলতে কংগ্ৰেছে হতাশাত ভূগিছে ৷ কংগ্ৰেছে কল্পনা কৰিব নোৱাৰা কাম এন ডি এ চৰকাৰে কৰিছে ।ৰাজ্যৰ শাসনৰ গাদীত ৫৫ বছৰ থাকি যিকাম কংগ্ৰেছে কৰিব নোৱাৰিলে সেয়া দহবছৰীয়া বিজেপি মিত্ৰজোঁটে কৰি দেখুওৱা বাবে তেওঁলোক শংকিত হৈছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়,এইবাৰ অসমত বিজেপি-এন ডি এ চৰকাৰে হেইট্ৰিক কৰিব।আজি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো।আমি বিচাৰিছো আত্মনিৰ্ভৰ ভাৰত।মা কামাখ্যাৰ আশীৰ্বাদ গোটেই অসমৰ সৈতে আছে বিজেপি ৷বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা দলীয় কাৰ্যকৰ্তাক জনাই সভাত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ উদাত্ত ভাষণত কয়,অসমৰ জনতাই এইবাৰ দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমটো হ’ল- বিজেপি তথা এন ডি এক জয়ৰ হেইট্ৰিক কৰোৱা।দ্বিতীয়টো হৈছে- কংগ্ৰেছক পৰাজয়ৰ হেইট্ৰিক কৰোৱা।
সুদীৰ্ঘ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীৰ ৰাজ্যৰ উন্নয়নৰ গতি তৰাম্বিত হৈছে বুলি উল্লেখ কৰি কয়,যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে অসমত পৰ্যটনৰো যথেষ্ট উন্নয়ন হৈছে।বিজেপি চৰকাৰৰ দিনত কৃষকৰ ফচল সুৰক্ষিত হৈছে।আমাৰ চৰকাৰে পি এম কিষাণ সন্মান নিধিৰ জৰিয়তে অসমৰ কৃষকৰ মুখলৈ হাঁহি বিৰিঙাইছে। বিনামূলীয়া গেছ, মুক্ত জল কোনে আনি আছে, বিজেপিয়ে আনিছে। আমি লাখপতি মহিলা আঁচনি আনিছো। ইয়াৰ জৰিয়তে তিনি কোটিৰো অধিক মহিলাক স্পৰ্শ কৰিছো। অসমৰ নাৰী শক্তি বিজেপিক লৈ সুখী।
উল্লেখ্য যে সুদীৰ্ঘ সময় হিন্দীত ভাষণ দিয়াৰ মাজতে মোডীয়ে অসমীয়াত ক’লে- নাৰী শক্তি সৱল কৰাতো বিজেপিৰ ডাঙৰ প্ৰাপ্তি। প্ৰধানমন্ত্ৰীয়ে বৰপেটাৰ প্ৰাৰ্থী দীপক কুমাৰ দাস, সৰভোগ-ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাস, বজালীৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়, বিজনীৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে, অভয়াপুৰীৰ প্ৰাৰ্থী ভূপেন ৰয়, বঙাইগাঁৱৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী , পাকাবেতবাৰীৰ প্ৰাৰ্থী ডাঃ তাৰা প্ৰসাদ দাস, মন্দিয়াৰ প্ৰাৰ্থী বাদল চন্দ্ৰ আৰ্য আৰু মানাসৰ প্ৰাৰ্থী থানেশ্বৰ দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এই বিশাল সভাত অংশ গ্ৰহণ কৰে ৷
বৰপেটাৰ পিচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে হোজাই আৰু ডিব্ৰুগড়ৰ বিশাল জনসভাতো অংশ ল’ব । একেদৰে হোজাইত শিলাদিত্য দেৱ আৰু ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ চলাব মাৰাথন নিৰ্বাচনী প্ৰচাৰ।
