Sarupathar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র দুটা দিন থকা অৱস্থাত সকলো দলৰে প্ৰচাৰাভিযান তুংগত। ইয়াৰ মাজতে কেতবোৰ অঞ্চলত সংঘটিত হৈছে নির্বাচন কেন্দ্রীক হিংসা। দেওবাৰে নিশা সৰুপথাৰত সংঘটিত হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। সৰুপথাৰৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ গ্রেনেড নিক্ষেপ দুৰ্বৃত্তৰ ৷ অৱশ্যে দুৰ্বৃত্তই নিক্ষেপ কৰা গ্রেনেডটো বিস্ফোৰিত নহ’ল ৷ সেই সময়ত বাসগৃহত নাছিল বিশ্বজিৎ ফুকন । এই ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ বোমা বিশেষজ্ঞ সহ আৰক্ষী দল ৷ তন্নতন্নকৈ পৰীক্ষা কৰিছে বিধায়ক গৰাকীৰ বাসগৃহৰ চৌহদ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চৰজমিন তদন্ত আৰম্ভ কৰিছে ৷
