Supreme Court:অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে চিবিআইৰ তদন্ত নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

খাণ্ডুৰ পৰিয়ালে ঠিকাৰ নামত ১,২৭০ কোটি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ

WhatsApp Image 2026 04 06 at 3.43.01 PM

Supreme Court:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিপদত চুবুৰীয়া অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ মুখ্যমন্ত্ৰী খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত কোম্পানীক দিয়া চৰকাৰী চুক্তিৰ সন্দৰ্ভত সংঘটিত কেলেংকাৰী সম্পৰ্কত দুসপ্তাহৰ ভিতৰত চিবিআইক প্ৰাথমিক তদন্ত আৰম্ভ কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে তদন্তত ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে ৰাজ্যখনত কাৰ্যকৰী হোৱা সকলো ৰাজহুৱা কাম, চুক্তি, আৰু ৱৰ্ক অৰ্ডাৰ তদন্তৰ আওতালৈ অনা হ’ব। উল্লেখ্য যে ১৭ ফেব্ৰুৱাৰীত শুনানিৰ সময়ত আদালতে নিজৰ নিৰ্দেশ সুৰক্ষিত ৰাখিছিল।

উল্লেখযোগ্য প্ৰায় ১,২৭০ কোটি টকাৰ চৰকাৰী চুক্তি মুখ্যমন্ত্ৰীৰ পৰিয়ালক প্ৰদান কৰা হয় ৷ গোচৰটোত দাখিল কৰা আবেদনসমূহত দাবী কৰা হৈছে যে বিগত ১০ বছৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত চাৰিটা কোম্পানীক প্ৰায় ১,২৭০ কোটিৰ চৰকাৰী চুক্তি প্ৰদান কৰা হৈছে। আৱেদনকাৰী এন জি অ’, ছেভ মন ৰিজিঅ’ন ফেডাৰেশ্যন আৰু ভলাণ্টেৰী অৰুণাচল সেনাৰ হৈ আদালতত প্রতিনিধিত্ব কৰা অধিবক্তা প্রশান্ত ভূষনে আদালতত কয় যে মুখ্যমন্ত্রীৰ পৰিয়ালৰ সৈতে জড়িত চুক্তিসমূহত কেলেংকাৰী আভাস পোৱা গৈছিল ৷

এই গোচৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডু, তেওঁৰ পিতৃ প্ৰয়াত দৰ্জী খাণ্ডুৰ দ্বিতীয় পত্নী ৰিঞ্চিন দ্ৰিমা আৰু ভতিজা চেৰিং তাছীক প্ৰতিপক্ষ হিচাপে ৰখা । মনকৰিবলগীয়া যে ,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত দৰ্জী খাণ্ডুৱে ২০১১ চনৰ এপ্ৰিল মাহত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয়।

আৱেদনখনত উল্লেখ কৰা হৈছে যে ৰিঞ্চিন ড্ৰিমাৰ কোম্পানী ব্ৰেণ্ড ইগলছে কেইবাটাও চৰকাৰী চুক্তি লাভ কৰিছিল৷ যিবোৰ পাৰিবাৰিক সম্পৰ্কৰ বাবে বিতৰ্কিত আৰু প্ৰশ্নবোধক। উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপে এতিয়া ৰাজ্যৰ চৰকাৰী চুক্তিসমূহত স্বচ্ছতা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে জড়িত চুক্তিসমূহৰ আইনী তদন্ত সম্ভৱ কৰি তুলিব।

Exit mobile version