Congress:✒️কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ সম্ভাৱনা তীব্ৰ হৈ উঠিছে। এই পৰিপ্ৰেক্ষিতত দিল্লীত তেওঁৰ বাসভৱনত উপস্থিত হৈছে অসম আৰক্ষীৰ এটা দল।
সূত্ৰে জনোৱা মতে,পৱন খেড়ায়ে ( Pawan Khera) ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পত্নী ৰিণিকি ভূঞাক লৈ কৰা মন্তব্য আৰু অপপ্ৰচাৰৰ অভিযোগৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
তদন্তকাৰী সংস্থাৰ মতে, সামাজিক মাধ্যম আৰু ৰাজনৈতিক বক্তব্যৰ জৰিয়তে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।
সেই গোচৰৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীৰ দলটো দিল্লীত উপস্থিত হৈ অধিক তথ্য সংগ্ৰহৰ লগতে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে।
