Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

WhatsApp Image 2026 04 07 at 3.26.15 PM

Dibrugarh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভা নিৰ্বাচনত আজি প্ৰচাৰৰ অন্তিম দিনা ডিব্ৰুগড়ত সমষ্টিটোৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ মাৰাথন প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালে ৷ এখন বৃহৎ জনসভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ অসম আৰু অসমীয়াৰ স্বাধীকাৰক নি:শেষ কৰিবলৈ প্ৰয়াস কৰা কংগ্ৰেছক উৎখাত কৰি উন্নয়ন তৰাম্বিত কৰিবৰ বাবে পুনৰ বিজেপিক শাসনলৈ অনাত সকলোৱে আগবাঢ়ি আহিব লাগে ৷ যাৰ পত্নী – পুত্ৰ বিদেশী নাগৰিক ৷ তেওঁ অসমবাসীক কি দি পাৰিব ৷ যোৱা দহটা বছৰত বিজেপি চৰকাৰে সকলো স্তৰতে যি উন্নয়ন কৰিলে সেয়া মাইলৰ খুটি হিচাপে বিবেচিত হৈছে ৷ ডিব্ৰুগড়ৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত পুনৰ প্ৰশান্ত ফুকনক বিজয়ী কৰিবৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই। ইয়াৰ পিচতে প্ৰশান্ত ফুকনৰ হৈ উলিওৱা এক বৃহৎ ৰেলীত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

Exit mobile version