Earthquake in Assam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ মঙলবাৰে দিনৰ ২ বাজি ১৮ মিনিটত অনুভূত হয় জোকাৰণি।অসমৰ কেইবাখনো জিলাত অনুভূত হয় জোকাৰণি। একেদৰে অনুভূত হয় নাগালেণ্ড, মিজোৰাম, মণিপুৰ,মেঘালয়, ত্ৰিপুৰাৰ লগতে চুবুৰীয়া দেশ বাংলাদেশতো৷এতিয়ালৈকে ভূমিকম্প ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷ অনুভূত হৈছিল
উল্লেখ্য যে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হাইলাকান্দিত ৷ এনচিএছৰ তথ্যানুসৰি অভিকেন্দ্ৰৰ ভূ-পূষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত।
উল্লেখযোগ্য চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙত মঙলবাৰে নিশা ৩-৫২ বজাত অনুভূত হৈছিল ভূমিকম্প ৷ একেদৰে মঙলবাৰে নিশা ১২-৫৩ মান বজাত মণিপুৰৰ চূড়াচান্দপুৰতো অনুভূত হৈছিল ভূমিকম্প। অৱশ্যে কোনো ক্ষয়ক্ষতি খবৰ অহা নাই ৷
মঙলবাৰে নিশা ৩ বাজি ৫২ মিনিটত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙত অনুভূত হৈছিল ভূমিকম্প। নিশা ১২ বাজি ৫৩ মিনিটত মণিপুৰৰ চূড়াচান্দপুৰতো অনুভূত হৈছিল ভূমিকম্প।
