Gaurav Gogoi Special Comment:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ গৌৰৱ গগৈৰ

মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত শপত খাওক,মই যোৰহাটত খাম

WhatsApp Image 2026 04 07 at 2.53.42 PM 1

Gaurav Gogoi Special Comment:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত মঙলবাৰে প্ৰচাৰাভিযানৰ অন্তিম দিনা সকলো ৰাজনৈতিক দলে মাৰাথন অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বাকযুদ্ধ অব্যাহত আছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৷ দুয়োজন নেতাই প্ৰচাৰ অভিযানত উবুৰি খাই পৰাৰ মাজতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী গৌৰৱ গগৈক বটদ্ৰৱা থানত শপত খাবলৈ জনোৱা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে গৌৰৱ গগৈয়ে। কালিলৈ কিমান বজাত মুখ্যমন্ত্ৰীয়ে শপত খাব , সময়টো মুখ্যমন্ত্ৰীয়ে নিজেই দিয়ক। অহা কালিলৈ মুখ্যমন্ত্ৰীয়ে কেইবজাত শপত খাব সেইটো ঠিক কৰি কৈ দিয়ক। কালিলৈ গুৱাহাটীত বহি তেওঁ শপত খাওক, একে সময়তে মই যোৰহাটত বহি শপত খাম।

আনহাতে পৱন খেড়েৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় – বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে যিমান অভিযোগ কৰিছিলো তাৰ তদন্ত হ’ল নেকি। উল্লেখ্য যে মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ হৈ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় হিমন্তবিশ্বৰ বিৰুদ্ধে সৰৱ হৈ উঠে এপিচিচিৰ সভাপতি গৰাকী ৷

Exit mobile version