Lakhtakia:নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মহানগৰীৰ লাখটকীয়াত জব্দ ৫ লাখ টকা

WhatsApp Image 2026 04 07 at 1.15.31 PM

Lakhtakia:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:– ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ আজি অন্তিম দিন ৷ ইয়াৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে অৰ্তকিতে চলোৱা এক অভিযানত জব্দ হয় ৫ লাখ টকা ৷

লাখটকীয়াৰ চাহিদা মাৰ্কেটৰ ওচৰৰ পৰা অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ পৰা জব্দ কৰে ৫ লাখ টকা। ইতিমধ্যে ইফটিকাৰ হুছেইন সহ আন এজন যুৱকক ইচিআইৰ চাৰ্ভিলেঞ্চৰ দলে আটক কৰে ৷

Exit mobile version