Manuranjan Talukdar Bike Rally in Bhawanipur:-Sorbhog নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বৃহৎ বাইক ৰেলীৰে চমক

WhatsApp Image 2026 04 07 at 2.53.42 PM

Manuranjan Talukdar Bike Rally in Bhawanipur-Sorbhog

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰচাৰাভিযানৰ অন্তিম দিন ৷ বিয়লি ৪ বজাত অন্ত পৰিবলগীয়া প্ৰচাৰাভিযানৰ বাবে শাসক – বিৰোধীয়ে পুৱাৰে পৰা তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ সভাৰ লগতে ৰেলী ৷নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বৃহৎ বাইক ৰেলীৰে চমক ৷সমগ্ৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি সামৰি এই বাইক ৰেলী।

সৰভোগৰ গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী অন্ত পৰিব ভৱানীপুৰত। বাইক ৰেলীত অংশ লয় প্ৰায় চাৰি হাজাৰতকৈ অধিক সমৰ্থকে । আনহাতে বাইক ৰেলীত অংশ লোৱা সমষ্টিটোৰ চিপিআই(এম) মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কয়,এইবাৰ আমি চৰকাৰ গঠন কৰিম। ৪ মে’ত ফলাফল ঘোষণা হ’ব আৰু ৫ মে’ত গৌৰৱ গগৈ মুখ্যমন্ত্রী হোৱাটো খাটাং ৷

Exit mobile version