ইৰাণক ধ্বংসৰ হুংকাৰৰ পাছতেই হঠাৎ যুদ্ধবিৰতি ঘোষণা

৪০ দিনৰ সংঘাতৰ অন্তত দুসপ্তাহৰ বিৰতি ঘোষণা ড'নাল্ড ট্ৰাম্পৰ

IMG 20260408 114841 scaled

ইৰাণক ধ্বংস কৰাৰ হুংকাৰ দিয়াৰ পাছতেই হঠাৎ যুদ্ধবিৰতি ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । প্ৰায় ৪০ দিন ধৰি অব্যাহত থকা তীব্ৰ সংঘাতৰ মাজতে এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ড’নাল্ড ট্ৰাম্পে দুসপ্তাহৰ এক অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিছে। এই সময়ছোৱাত দুয়ো পক্ষৰ মাজত পুনৰ আলোচনাৰ পথ মুকলি কৰাৰ চেষ্টা চলোৱা হ’ব বুলি সূত্ৰে জানিবলৈ দিয়ে।

Exit mobile version