বিশ্বৰ দ্বিতীয় বৃহত্তম টেলিকম সংস্থা এয়াৰটেল

Indias GST Collections

GST:✒️ব্যক্তিগত খণ্ডৰ টেলিকম সংস্থা ভাৰতী এয়াৰটেলে ৬৫ কোটি গ্ৰাহকৰ স’তে বিশ্বৰ দ্বিতীয় বৃহত্তম টেলিকম সংস্থা হিচাপে পৰিগণিত হৈছে। সংস্থাটোৱে শেহতীয়াকৈ এটা বিবৃতিযোগে এই কথা ঘোষণা কৰে।

ভাৰতী এয়াৰটেলৰ কাৰ্যবাহী উপ-সভাপতি গোপাল ভিট্টালে সংস্থাটোৰ সাফল্য সন্দৰ্ভত এই বুলি কয় যে উদ্ভাৱন, নিৰ্ভৰযোগ্যতা আৰু সেৱা অভিজ্ঞতাৰ মান উন্নীতকৰণেৰে এয়াৰটেলে আৰু বহুদূৰ আগুৱাবলৈ সক্ষমশ্র উল্লেখ্য যে ভাৰতত এয়াৰটেলৰ ৩৬.৮ কোটিৰো অধিক গ্রাহক থকাৰ লগতে আফ্রিকা মহাদেশৰ ১৪খন দেশত ১৭.৯ কোটিৰো অধিক ম’বাইল গ্রাহক আছে।

জি এছ টিৰ ৰাজহ সংগ্রহ বৃদ্ধি দেশত সামগ্রী আৰু সেৱা কৰ (জিএছটি)ৰ সংগ্ৰহ বৃদ্ধি পূৰ্বৰ দৰেই অব্যাহত আছে। যোৱা বছৰৰ মার্চত ১.৮৩ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহৰ তুলনাত এইবেলি মাৰ্চত এই হাৰ ৮.৮ শতাংশ বৃদ্ধি পাই দুই লাখ কোটি টকাকো অতিক্ৰম কৰিছে।

জিএছটি সঞ্চালকালয়ে শেহতীয়া এক বিবৃতিত প্রকাশ কৰা মতে, এই ৰাজহ সংগ্ৰহৰ এই বৃদ্ধিৰ কাৰণ হৈছে ঘৰুৱা বিক্ৰী আৰু আমদানিৰ পৰা বৃদ্ধি পোৱা কৰ। তথ্য অনুসৰি, আলোচ্য সময়ছোৱাত জাৰি কৰা বিফাণ্ডৰ পৰিমাণ ১৩.৮ শতাংশ বৃদ্ধি পাই ২২,০৭৪ কোটি টকা হৈছে।

স্বাস্থ্য বীমা খণ্ডৰ দ্রুত প্ৰসাৰ দেশৰ স্বাস্থ্য বীমা খণ্ডৰ প্ৰতি নাগৰিকসকলৰ বিশ্বাস আৰু নিৰ্ভৰশীলতা বিগত কেইটামান বছৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্রতি এই ক্ষেত্রখন বৃহৎ হাৰত সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে।

বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি বছৰি প্ৰায় ন শতাংশ হাৰত প্ৰসাৰ ঘটিছে স্বাস্থ্য বীমাৰ বজাৰখন। যাৰ ফলত ২০২৪-২৫ বিত্তীয় বর্ষত এই খণ্ডটোৰ মুঠ প্রিমিয়ামে ১.২ লাখ কোটি টকাকো অতিক্রম কৰিছে। মন্ত্রণালয়ে এই সন্দর্ভত জানিবলৈ দিয়া মতে, স্বাস্থ্য বীমা খণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে আৰু পলিচীধাৰীসকলক সময়োপযোগী সাহায্য নিশ্চিত কৰাৰ বাবে ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে নগদবিহীন স্বাস্থ্য বীমা দাবী প্ৰক্ৰিয়াকৰণৰ বাবে নির্দিষ্ট সময়সীমা নির্ধাৰণ কৰিছে।

স্বাস্থ্য বীমা দাবী নিষ্পত্তিৰ ক্ষেত্ৰত দক্ষতা আৰু ন্যায়পৰায়ণতা নিশ্চিত কৰাৰ বাবে প্রয়োজনীয় এনে নিয়ন্ত্রণমূলক ব্যৱস্থাৰ বাবেই বীমা গ্ৰাহকৰ বিশ্বাস জয় কৰিবলৈ সমৰ্থ হৈছে এই বজাৰখনে।

Exit mobile version