AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

WhatsApp Image 2026 04 08 at 3.06.42 PM 1

AJP Pressmeet in Dibrugarh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–একেটা পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ মঙলবাৰে বিয়লি ৫ বজাৰ লগে লগে হাইভল্টেজ প্ৰচাৰ অভিযান সামৰণিৰ পিছতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ নেতৃবৰ্গই এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

দলটোৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে কয়,এইবাৰ বিজেপিয়ে নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে৷অসমৰ এটা সমষ্টিত নিযুক্তিৰ সংখ্যা আটাইতকৈ বেছি। সেইটো হৈছে জালুকবাৰী। জালুকবাৰীত ৫৫ বছৰ পাৰ হৈ যোৱা মানুহেও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ বিৰুদ্ধে ন্যায় বিচাৰি ভোটদান কৰক ৰাইজে ।

একেদৰে নেতা গৰাকীয়ে আৰু কয় যে,অসম চুক্তি ৰূপায়ন নহ’ল । বিজেপিয়ে আই মাতৃ সকলক প্ৰৱঞ্চনা কৰিছে। ভোট দিলে অৰুণোদয় পাব, নহ’লে কাটি দিব কৈছে।ভোট দিলে লাখপতি বাইদেউ বনাব, নহ’লে নবনাই। একেদৰে অৰুণোদয় পাবলৈ প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীৰ মন কি বাট শুনাই।মহিলাই কাম এৰি ‘মন কি বাট’ শুনিব লাগে। আনহাতে উদ্যমিতাৰ আঁচনি ল’বলৈ গৈ ৯ গৰাকী মহিলা মৃত্যু মুখত পৰিছে।১৮ গৰাকী প্ৰসুতিয়ে উদ্যমিতাৰ সভাতে শিশু প্ৰসৱৰ দৰে ঘটনা সংঘটিত হৈছিল।

ৰাজ্যৰ মন্ত্রী সকলৰ ১০০ৰ পৰা ১০০০ শতাংশ সম্পত্তি হোহোৱাই বাঢ়িল ইয়াৰ উৎস কি বুলি উল্লেখ কৰি বসুমতাৰী কয়,ৰাইজক আভুৱাভাৰি এক প্ৰকাৰ লুণ্ঠন চলাই গৈছিল বিজেপি মন্ত্ৰী- বিধায়কে ৷ এই সমূহ বিষয়ৰ ন্যায় বিচাৰি ভোটদান কৰক ৰাইজে।

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰিয় ৯ সংখ্যা। ৯ এপ্ৰিলত জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোকে ওলাই আহিবলৈ আহ্বান জনায় অজাপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷ চাহ জনগোষ্ঠীয় লোকক বিজেপিয়ে প্ৰতিশ্ৰুতি অনুযায়ী মজুৰি দিয়া নাই, জনজাতি কৰণ নকৰিলে
অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ চেষ্টা আদি অলেখ সমস্যাৰ ন্যায় বিচাৰি ৰাইজক সমুচিত প্ৰত্যুত্তৰ ভোটদানৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনায় চিত্তৰঞ্জন বসুমতাৰীয়ে ।

Exit mobile version