Amingaon :বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণক লৈ সাজু কামৰূপ জিলা প্ৰশাসন

WhatsApp Image 2026 04 08 at 1.21.10 PM

Amingaon :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিধান সভা নিৰ্বাচনৰ ভোট গ্ৰহণক লৈ সাজু কামৰূপ জিলা প্ৰশাসন I মুঠ ছয়টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণৰ সকলো কাম কাজ কৰা হব কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা। সমষ্টি কেইটা ক্ৰমে ৰঙিয়া,কমলপুৰ,হাজো-শুৱালকুচি,পলাশবাৰী,বকো -ছয়গাওঁ,চমৰিয়া।

বৃহস্পতিবাৰে পুৱাৰে পৰা আমিনগাওঁ জিলা আয়ুক্ত কাৰ্যলয়ত ভিৰ প্ৰিজাইডিং বিষয়া আৰু পুলিং বিষয়া সকলৰ। প্ৰিজাইডিং বিষয়া আৰু পুলিং  বিষয়া সকলে আয়ুক্ত কাৰ্যলয় চৌহদৰ পৰা EVM মেচিন সমূহ সংগ্ৰহ কৰি ৰাওনা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ।

কামৰূপ জিলাৰ ছয়টা বিধান সভা সমষ্টিত ১,৫৫৫ টা ভোট গ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ভোট গ্ৰহন কৰিবলৈ সাজু হৈছে কামৰূপ জিলা প্ৰশাসন। ইয়াৰে ৩০০ টা কেন্দ্ৰ পৰিচালিত হ’ব মহিলা বিষয়া -কৰ্মচাৰীৰ দ্বাৰা। লগতে ১৫ টা কেন্দ্ৰ পৰিচালনা কৰিব বিশেষ ভাবে সক্ষম বিষয়া সকলে।

Exit mobile version