Assam Assembly Election:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এটা পর্যায়ত ৰাজ্য বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি কৰা হৈছে অসমলৈ ৷
উল্লেখ্য যে দিছপুৰৰ উত্তৰ ভাৰতীয় লবীৰ কোপদৃষ্টি এইবাৰ অসমৰ থলুৱা বাছৰ ব্যৱসায়ৰ ওপৰতো পৰিল। সেইবাবে বিধানসভা নির্বাচনত ব্যৱহাৰৰ বাবে মূলতঃ বিহাৰৰ পৰা অনা হৈছে শশ বিভিন্ন প্ৰকাৰৰ বাহন। পশ্চিমবংগৰ বাহনো অনা হৈছে; কিন্তু বিহাৰৰ যাত্রীবাহী বিভিন্ন প্ৰকাৰৰ বাহনৰ সংখ্যাই সৰহ। অসমৰ নিৰ্বাচন এইবাৰ এটা পর্যায়ত অনুষ্ঠিত হ’ব। সেয়েহে অন্যান্য সীমা সংখ্যা নথকা কামৰ লগতে ভোটগ্রহণৰ কামত ব্যৱহাৰৰ বাবে প্রয়োজন হৈছে যথেষ্ট সংখ্যক বাহনৰ।
তাৰেই সুযোগ গ্ৰহণৰ অভিযোগ উত্থাপিত হৈছে দিছপুৰত প্ৰভাৱ বিস্তাৰ কৰি অহা ভাৰতীয় প্রশাসনিক সেৱাৰ উত্তৰ ভাৰতীয় বিষয়াৰ এটা লবীৰ বিৰুদ্ধে। দিছপুৰৰ সূত্রত প্রকাশ যে সেই চক্ৰটোৰ প্রভাৱতে অসমলৈ অনা হৈছে কমেও ২৬শ বিভিন্ন প্ৰকাৰৰ যাত্রীবাহী বাহন। ৰাজ্যৰ বিভিন্ন জিলালৈ সেই বাহনবোৰ প্ৰেৰণ কৰা হৈছে। লক্ষ্যণীয় দিশটো হ’ল যে অসমৰ বহু বাহন কিন্তু এতিয়াও নিৰ্বাচনৰ কামত ব্যৱহাৰ হোৱা নাই।
সদৌ অসম পৰিবহণ সন্থাৰ তথ্য অনুসৰি, নিৰ্বাচনৰ কাম হ’লেও সাধাৰণ লোকৰ যাতায়াত সম্পূর্ণ বন্ধ নহ’বৰ বাবে কিছুসংখ্যক বাহন অধিগ্রহণ কৰা নহয়; কিন্তু এইবাৰ অধিগ্রহণ নকৰা বাহনৰ সংখ্যা অধিক। তাৰ পৰিৱৰ্তে বিহাৰ আৰু পশ্চিমবংগৰ পৰা যথেষ্ট সংখ্যক বাহন নিৰ্বাচনৰ কামত ব্যৱহাৰৰ বাবে অনা হৈছে বুলি কয় সন্থাৰ সম্পাদক প্রধান প্রদীপ দাসে। ইপিনে, বহিঃৰাজ্যৰ বাহন অসমত ভৰি পৰাক লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে। প্রদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও বিষয়টোক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে। বিহাৰৰ পৰা ভোট দিবলৈ এনেদৰে মানুহ অনা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷
