Assam Assrmbly Election 2026:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বুধবাৰে শাসক- বিৰোধী সহ নিৰ্দলীয় প্ৰাৰ্থীৰ হাইভল্টেজ প্ৰচাৰ বিয়লি ৫ বজাত অন্ত পৰাৰ পিছত বৃহস্পতিবাৰে এটা পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ ৷ প্ৰতিখন জিলা – উপ- জিলাৰ সদৰত পুৱাৰে পৰা ব্যাপক তৎপৰতা আৰম্ভ হৈছে । ইতিমধ্যে নিজ নিজ ভোট কেন্দ্ৰলৈ ইভিএম আৰু যাৱতীয় নথিপত্ৰ লৈ যাবলৈ সাজু হৈছে প্ৰিজাইডিং আৰু পুলিং বিষয়া সকল ৷
উল্লেখ্য যে ৰাজ্যৰ ১২৬ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰায় ২কোটি ৫০ লাখ ভোটাৰে সাব্যস্ত কৰিব নিজৰ গণতান্ত্ৰিক অধিকাৰ ৩১,৪৯০ টা ভোট কেন্দ্ৰত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৷ আনহাতে নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবৰ বাবে নিয়োগ কৰা হৈছে প্ৰায় একলাখ আৰক্ষীক ৷ একেদৰে নিৰাপত্তা দায়িত্বতো নিয়োজিত কৰিবৰ বাবে অসমলৈ অনা হৈছে ৮ শতাধিক অৰ্ধ সামৰিক বাহিনীৰ কোম্পানীক।
