ECI:ভোটদানৰ পূৰ্বে নির্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা ভোটাৰলৈ

ভোটগ্রহণ কেন্দ্রলৈ নিব নোৱাৰিব ম'বাইল, এশ মিটাৰ দূৰত্বত ম'বাইল জমা দি ল'ব লাগিব ৰচিদ, ভোটদানৰ পিছত ৰচিদ দেখুৱাই ল'ব পাৰিব ম'বাইল

WhatsApp Image 2026 04 08 at 12.05.07 PM

ECI:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাজত মাত্র ২০ ঘণ্টা বাকী ৷ ভোটদান পৰ্ব শান্তিপূর্ণ, নিকাভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি ভোটাৰলৈ আহ্বান জনাইছে বিশেষ নিৰ্দেশনা ৷ ভোটাৰে ভোট গ্ৰহণ কক্ষলৈ লগত নিব নোৱাৰিব ম’বাইল ৷ একেই নিয়ম প্ৰযোজ্য হ’ব ৷বিএল অ’ প’লিং এজেণ্ট । ভোটদান কক্ষৰ পৰা এশ মিটাৰ দূৰত্বত ম’বাইল জমা দি ল’ব লাগিব ৰচিদ ৷ অৱশ্যে ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ৰচিদ দেখুৱাই ল’ব পাৰিব নিজৰ ম’বাইল ৷

উল্লেখ্য যে ,এটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অতি স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্রত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ আৰক্ষী-কেন্দ্ৰীয় অর্ধসামৰিক বাহিনীক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে ৷ ৰাজ্যৰ মুঠ ৩১,৪৮৬ ভোটকেন্দ্রত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ভোটকেন্দ্রলৈ প’লিং প্রিজাইডিং বিষয়াসহ ভোটগ্রহণকাৰীৰ দল আজি পুৱাৰে ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ৷

উল্লেখ্য যে শিলচৰ-কাৰ্বিআংলংৰ ভোটকেন্দ্রলৈ বুধবাৰেই ৰাওনা হয় ভোটগ্রহণকাৰী ৷ একেদৰে কেইবাখনো জিলাৰ দূৰ্গম ভোটকেন্দ্ৰলৈ পুৱাতে ৰাওনা হয় ভোটগ্রহণকাৰী ৷

Exit mobile version