অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ

GAURAV GOGOII

সময়ৰ পৰিৱৰ্তন বিচাৰি অসমৰ ৰাইজে অভূতপূৰ্ব হাৰত ভোট প্ৰদান কৰা বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এক বিবৃতিত গগৈয়ে কয় যে অসমৰ ৰাইজে নতুন বৰ অসম আৰু নতুন নেতৃত্ব আশা কৰি আজি ভোট প্ৰদান কৰিছে। এতিয়া নিৰ্বাচন আয়োগৰ দায়িত্ব হ’ল ইভিএম মেচিনসমূহ সুৰক্ষিত ৰাখি অহা ৪ মে’ত সঠিকভাৱে ভোটগণনাৰ ব্যৱস্থা কৰাতো।

গগৈয়ে লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, অসমৰ দায়িত্বত থকা এআইচিচিৰ তত্ৱাৱধায়ক জিতেন্দ্ৰ সিঙকে ধৰি অসমৰ দায়িত্বত থকা নিৰ্বাচনী পৰ্যবেক্ষকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

গগৈয়ে মিত্ৰদল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআইএমএলৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু এপিএইচএলচিৰ সভাপতি জন ইংতি কাথাৰকো ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীৰ লগতে প্ৰাৰ্থীসকলকো শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।

 

 

Exit mobile version