অসমৰ ৰাইজলৈ অসম জাতীয় পৰিষদৰ কৃতজ্ঞতা জ্ঞাপন

FB IMG 1775744634379

অসম বিধান সভা নিৰ্বাচনৰ বাবে আজি ভোটদান সম্পাদন কৰিবলৈ ওলাই অহা অসমৰ লাখ লাখ ভোটাৰক ধন্যবাদ জনাইছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই লগতে অসমৰ ৰাইজ, ভোটগ্ৰহণৰ স’তে জড়িত বিষয়া-কৰ্মচাৰীসকলক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাই কয় যে শাসকীয় পক্ষৰ অকাংশ লোকৰ দ্বাৰা সৃষ্ট হিংসা, ভয়-ভীতি প্ৰদৰ্শন আৰু প্ৰলোভনৰ ৰাজনীতিৰ পৰিৱেশৰ মাজতো অসমৰ লাখ লাখ ভোটাৰে নিৰ্ভিকভাৱে ভোটকেন্দ্ৰলৈ ওলাই আহিছে।

এই সাহসী পদক্ষেপ কেৱল গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি তেওঁলোকৰ অবিচল বিশ্বাসৰেই প্ৰমাণ নহয়, ই এক স্পষ্ট বাৰ্তা যে অসমৰ জনগণ গণতন্ত্ৰক ৰক্ষা কৰাত দৃঢ়প্ৰতিজ্ঞ।

“অসম জাতীয় পৰিষদে স্পষ্টকৈ ক’ব বিচাৰে যে যিসকল আজি ক্ষমতাত আছে, তেওঁলোক গণতন্ত্ৰক শক্তিশালী কৰাৰ পক্ষত নহয়। ভোটাৰক ভয় দেখুওৱা, প্ৰলোভন দিয়া আৰু হিংসাৰ পথ অৱলম্বন কৰাই প্ৰমাণ কৰে যে শাসকীয় শক্তিয়ে জনমতক ভয় কৰে। কিন্তু অসমৰ ৰাইজে সেই চক্ৰান্তৰ সন্মুখত মূৰ দোঁওৱা নাই। এই অদম্য মনোবলৰ বাবে অসম জাতীয় পৰিষদ অসমৰ প্ৰতিটো পৰিয়ালৰ ভোটাৰৰ প্ৰতি, ভোটগ্ৰহণৰ স’তে জড়িত বিষয়া-কৰ্মচাৰীসকলৰ লগতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্মী বৃন্দ আৰু প্ৰতিটো প্ৰান্তৰ সচেতন নাগৰিকৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।” – গগৈ আৰু ভূঞাই কয়।

Exit mobile version