Dhemaji Jail:ধেমাজি কাৰাগাৰত আৰক্ষী জোৱানৰ আত্মহনন 

ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা পলাশ গগৈৰ

WhatsApp Image 2026 04 10 at 2.50.40 PM

Dhemaji Jail:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ধেমাজি জিলা কাৰাগাৰত অঘটন ৷ কৰ্তব্যৰত চণ্টৰীৰ চৰমপন্থা ৷ নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহনন কৰে পলাশ গগৈ নামৰ আৰক্ষী জোৱানজনে ৷২২ বেটেলিয়নৰ লেঞ্চ নায়ক পলাশ গগৈৰ ঘৰ লখিমপুৰ জিলাৰ ঘিলামৰা ঢাপলিয়ালত । কি কাৰণে আৰক্ষী জোৱানজনে চৰমপন্থা পথ বাছি ল’লে এতিয়ালৈকে জানিব পৰা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি জোৱানজনৰ মৃতদেহ ধেমাজী হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version