Dilip Saikia Pressmeet:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পূৰ্বৰ অভিলেখ ভংগ কৰি বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত ৯০ শতাংশৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে শাসক- বিৰোধীৰ আৰম্ভ হৈ নানা জল্পনাকল্পনা ৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এয়া প্ৰতিষ্ঠানৰ সপক্ষেই ৰাইজৰ ভোট বুলি মন্তব্য কৰাৰ বিপৰীতে এপিচিৰ সভাপতি গৌৰৱ গগৈয়ে কয়, নতুন বৰঅসম- নতুন নেতৃত্বৰ আশাৰে ভোটদান ৷ আনহাতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কয়,এই অভূতপূর্ব ভোটদানে কংগ্ৰেছ তৃতীয় স্থানত থকাৰ ইংগিত দিলে ।
আনহাতে ৰাজ্যত হোৱা অভূতপূর্ব ভোটদানৰ বাবে অসমবাসীক ধন্যবাদ দিলে ৰাজ্যিক বিজেপিয়ে ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়,গাঁৱৰ লগতে চহৰৰ ৰাইজেও এইবাৰ হিলদল ভাঙি ভোট দিলে৷ পূর্বে য’ত কম ভোট হৈছিল সেইবোৰ স্থানতো এইবাৰ ভাল ভোটদান হৈছে ৷এই ভোট বিজেপিৰ পক্ষত ৷ বিগত দহটাবৰ্ষৰত ৰাজ্যৰ উন্নয়ন তৰাম্বিত কৰাৰ বাবে বিজেপিৰ সপক্ষে অৱস্থান কৰিছে জনগণ।
আনহাতে তিনি গগৈৰ জোটবন্ধন সন্দৰ্ভত সাংবাদিকnসোধা এক প্ৰশ্নোত্তৰত শইকীয়াই কয়, তিনি গগৈয়ে পৰিয়ালকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ ওপৰলৈ নাযায় । তিনি গগৈ যদি বিৰোধীৰ ফালে আছ ৷ ইয়াৰ বিপৰীতে ৩ লাখ গগৈ বিজেপিৰ ফালে আছে৷
তিনি গগৈ কংগ্ৰেছ দলৰ নেৰেটিভ আখ্যা দি দিলীপ শইকীয়াই কয়,লুৰীণজ্যোতি গগৈ, অখিল গগৈৰ নেৰেটিভ নহয় তিনি গগৈ ৷ এনেক্ষেত্ৰত গগৈ, বৰুৱা, শইকীয়া বাদ দি বৃহত্তৰ অসমীয়া জাতি হৈ থকাৰ আহ্বান জনালো ৷ ভোট গণনাৰ দিনা তিনি গগৈৰ মিত্ৰতা কাৰ্যত ফ্লপ হ’ব সেয়া ৰাইজে প্ৰত্যক্ষ কৰিব ৷
