Ghograpar:ঘগ্রাপাৰৰ- নাৰিকুছিতহাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৭.২ শতাংশ নম্বৰৰে উজ্বলিল জেভিদ ৰাজ

ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰখা ছাত্র গৰাকীৰ ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা জেভিদ ৰাজৰ

WhatsApp Image 2026 04 10 at 5.36.25 PM

Ghograpar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত নাৰিকুছি গাঁৱৰ শিক্ষক চান্দ মহম্মদ আৰু ৰানুমনি বেগমৰ পুত্র জেভিদ ৰাজে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত চুড়ান্ত পৰীক্ষাত উজ্বলি উঠিছে। জেভিদ ৰাজে AMRS হোজাই স্কুলৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ লগতে সাধাৰন গণিত বিষয়ত ১০০ নম্বৰ আৰু অসমীয়াত ১০০ নম্বৰ সহ মুঠ ৯৭.২% নম্বৰ পাবলৈ সক্ষম হৈছে।

ছাত্রগৰাকীৰ এই সফলতাত এতিয়া আনন্দিত অঞ্চলবাসী। পুত্ৰৰ এনে সাফল্যত স্বাভাৱিকতেই পিতৃ-মাতৃও আনন্দিত হৈ পৰিছে।

একাগ্ৰতা আৰু ইচ্ছাশক্তি থাকিলে সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব পাৰে বুলি মত প্ৰকাশ কৰিলে জেভিদ ৰাজে। ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰখা ছাত্ৰ গৰাকীৰ ভৱিষ্যতে চিকিৎসক হোৱাৰো আশা আছে বুলি ব্যক্ত কৰে ।

ইফালে ছাত্রগৰাকীৰ এনে সাফল্যত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ নলবাৰী গণ সেৱা সংস্থা,নাৰিকুছি গাঁও উন্নয়ন সমিতি, নাৰিকুছি যুৱ জীৱনজ্যোতি সংঘ , ঘগ্রাপাৰ প্রেছ ক্লাৱ, ঘগ্রাপাৰ শতদল সাহিত্য সভা আদিয়ে জেভিদ ৰাজৰ উজ্জ্বল ভৱিষ্যতে কামনা কৰিছে।

Exit mobile version