Gohpur:গহপুৰ কলাবাৰী মিকিৰবৰা চুকৰ আকাংক্ষা ভূঞা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ 

WhatsApp Image 2026 04 10 at 5.35.47 PM

Gohpur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স;–গহপুৰ সমজিলাৰ অন্তগত কলাবাৰী মিকিৰবৰা চুকৰ আকাংক্ষা ভূঞাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান পাই সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ৷ আকাংক্ষা ভূঞা হৈছে মিকিৰবৰা চুকৰ নিবাসী চেনীচন্দ্ৰ ভূঞা আৰু চিত্ৰলেখা ভূঞাৰ জীয়ৰী ৷ সৰুৰ পৰাই অত্যন্ত মেধা আকাংক্ষা ভূঞাই সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে ৷ গহপুৰ হাৱাজানৰ অম্বিকাগিৰী ৰায় চৌধুৰীৰ জাতীয় বিদ্যালয় শিক্ষা গ্ৰহন কৰিছিলি আকাংক্ষা ভূঞাই ৷

সাংবাদিকৰে হোৱা কথা বাৰ্তাত আকাংক্ষা ভূঞাই কয় যে ভৱিষ্যতে এজন ভাল নাগৰিক হব বিছাৰো, দৈনিক নিয়মিতভাৱে পঢ়া-শুনা কৰি গৈছিল আকাংক্ষাই ৷ নিয়মিতভাৱে পঢ়াৰ ৰুটিন নাছিল যদিও পৰ্যাপ্ত পৰিমানে পঢ়িছিল আকাংক্ষাই ৷ স্থান লাভৰ ক্ষেত্ৰত আশা কৰাতকৈ যথেষ্ট ভাল ফলাফল পোৱাৰ অনুভৱ প্ৰকাশ কৰে ৷ অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি আকাংক্ষা ভূঞাই কয় যে এই সফলতাৰ আৰত পোন প্ৰথমে পিতৃ-মাতৃক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শিক্ষ-শিক্ষয়তীয়েও যথেষ্ট সহায় সহযোগ কৰিছিল ৷

গহপুৰৰ এটি ভিতৰুৱা অঞ্চলৰ মেধাবী ছাত্ৰী আকাংক্ষা ভূঞা সৰুৰ পৰা অত্যন্ত মেধা হোৱাৰ লগতে অতি ভদ্ৰ আৰু অমায়িক ছাত্ৰী আছিল ৷ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে কয় যে আগৰ পৰাই আকাংক্ষাক লৈ বিশেষ আশা কৰা হৈছিল আৰু তাৰ ফলাফল আজি পাবলৈ সক্ষম হলো ৷ প্ৰধান শিক্ষকে কয় যে এশ বছৰ জীয়াই থাকিব পাৰিলে আমি এশ নম্বৰ কিয় আনিব নোৱাৰো

এই বাক্যশাৰী প্ৰধান শিক্ষকে আওৰাই দিছিল ছাত্ৰ-ছাত্ৰীৰ মাজত, আকাংক্ষা এজনী গুনগত মানদণ্ডৰ ছোৱালী কেৱল মাত্ৰ পঢ়া-শুনাৰ ক্ষেত্ৰত মেধাই নহয় ৷ আকাংক্ষাৰ মাজত দেখা গৈছিল সৌজ্যনতা, শিষ্টাচাৰ লগতে আত্মবিশ্বাস আৰু একাগ্ৰতা ৷ আকাংক্ষাই জানিছিল শিক্ষক-শিক্ষয়ত্ৰী, জেষ্ঠ জনক সন্মান কৰিবলৈ ৷

Exit mobile version