Lurinjyoti Gogoi:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ পৰীক্ষাৰ্থীক শুভেচ্ছা আৰু অভিনন্দন অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ পৰীক্ষাৰ্থীক শুভেচ্ছা আৰু অভিনন্দন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ I
এক বিবৃতিত গগৈয়ে কয়,আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীকে অন্তৰতম শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ৷ একাগ্ৰতা, সাধনা আৰু অধ্যৱসায়ৰে লাভ কৰা এই সফলতাই জোঁৰবন্তি হৈ তোমালোকৰ জীৱন-পথ আলোকিত কৰি তোলক৷ আগবাঢ়ি গৈ থাকা সফলতাৰ সোণালী সোপানেৰে৷ একেদৰে, যিসকল শিক্ষাৰ্থীৰ ফলাফল মনে বিচৰাধৰণে নহ’ল, তোমালোকেও আশাশুধীয়া প্ৰচেষ্টা আৰু কৰ্তব্যনিষ্ঠাৰে ভৱিষ্যতৰ দিনবোৰত সফল হোৱাৰ কামনা কৰিলোঁ৷ তোমালোকলৈও আমাৰ শুভেচ্ছা থাকিল৷’’
