Telangana High Court Grants 1-Week Anticipatory Bail To Congress Leader Pawan Khera:পৱন খেড়ালৈ সাময়িক সকাহ তেলেংগানা উচ্চ ন্যায়ালয়ৰ

এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন  খেড়াৰ

WhatsApp Image 2026 04 10 at 1.20.28 PM

Telangana High Court Grants 1-Week Anticipatory Bail To Congress Leader Pawan Khera:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়ালৈ সাময়িক সকাহ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৷ তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা গৰাকীক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

উল্লেখ্য যি অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ খেড়াৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বাঞ্চত দাখিল কৰা এফআইআৰৰ সন্দর্ভত আদালতে এই ৰায়দান কৰে ৷

পৱন খেড়াই ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে তিনিখন ৰাষ্ট্ৰৰ পাছপ’ৰ্ট থকাৰ অভিযোগ উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্রী গৰাকীৰ পত্নীয়ে এই অভিযোগ অস্বীকাৰ কৰে আৰু তেওঁৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষী ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীৰ বাসগৃহত বিচাৰি গৈছিল যদিও কোনো শুংসূত্ৰ লাভ নকৰি বাসগৃহৰ পৰা এটা লেপটপ,পেইন ড্ৰাইভ সহ কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷ আনহাতে আৰক্ষীয়ে খেড়াই হাইদৰাবাদত থকা তেওঁৰ পত্নীৰ বাসগৃহত থকাৰ সম্ভেদ লাভ কৰি হাইদৰাবাদলৈয়ো গৈছিল যদিও খেড়াৰ উপস্থিতি লাভ কৰিবলৈ সক্ষম নহ’ল ৷ইয়াৰ মাজতে অগ্ৰিম জামিনৰ বাবে খেড়াই তেওঁৰ অধিবক্তাৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও জামিন লাভ নকৰিলে ৷

ইয়াৰ পিছতে, কংগ্ৰেছ নেতাগৰাকীয়ে এই গোচৰত অগ্ৰিম জামিন বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ।

অৱশেষত শুকুৰবাৰে খেড়াই লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন। তেলেংগানা উচ্চ ন্যায়ালয় ন্যায়াধীশ কে সুজানাই শুনানিৰ সময়ত কয় যে, “আবেদনকাৰীক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এসপ্তাহৰ সময় দিয়া হৈছে ৷ কেতবোৰ চৰ্তৰ অধীনত আবেদনকাৰীক এসপ্তাহৰ সাময়িক সকাহে দিয়া হৈছে।

Exit mobile version