Zubeen Garg Case:শ্যামকানু মহন্তৰ জামিন আবেদন ফাষ্টট্রেক আদালতত

২২ এপ্রিলত জামিন আৱেদন সন্দৰ্ভত হ'ব শুনানি

WhatsApp Image 2026 03 13 at 12.27.53 PM

Zubeen Garg Case:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানি দৈনিক অব্যাহত আছে ৷ ইয়াৰ মাজতে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ মুকলি আকাশৰ তললৈ আহিবলৈ জামিন আৱেদন দাখিল কৰিছে বিশেষ ফাষ্টট্রেক আদালতত ৷ ইতিমধ্যে অধিবক্তাৰ জৰিয়তে আদালতত জামিন আবেদন দাখিল কৰিছে শ্যামকানুৱে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এবাৰ জামিন আৱেদন দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত বাতিল কৰে ৷ ২২ এপ্রিলত শ্যামকানু মহন্তৰ জামিন আৱেদন সন্দৰ্ভত শুনানি হ’ব ৷

আনহাতে আনহাতে জুবিন হত্যা গোচৰৰ আন এজন অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মা মালিকাধীন মহাবীৰ একুৱা মুকলি কৰি দিয়া-নিদিয়াক লৈ শুকুৰবাৰে বিশেষ ফাষ্টট্রেক আদালতত হয় শুনানি ৷ শুনানিত কেতবোৰ তথ্য পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ কেইবা কোটি টকা আত্মসাৎ কৰিছিল সিদ্ধার্থই ৷ আনকি জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰ নিৰ্মাণতো বহু লাখ টকা আত্মসাৎ কৰিছিল৷ ৭০ লাখ টকা ঠিকাদাৰক দিয়া বুলি সিদ্ধাৰ্থই জনাইছিল জুবিন গাৰ্গক ৷

কিন্ত কাৰ্যত ৭০ লাখৰ পৰিৱৰ্তে ৩৫ লাখ টকাহে দিছিল ঠিকাদাৰক ৷ একেদৰে জুবিন গাৰ্গৰ ধনেৰে সিদ্ধার্থই প্ৰেয়সীক উপহাৰ দিছিল সোণৰ আ- অলংকাৰ । আদালতৰ মজিয়াত এই তথ্যও পোহৰলৈ অহাৰ পিছত নিশ্চিতভাৱে আগন্তুক দিনৰ দৈনিক শুনানিত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে লোক অধিবক্তাই ৷

Exit mobile version