পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বাকী ২০ শতাংশ উভকামী বুলি দাবী ৰূপান্তৰকামী অধিকাৰ কৰ্মীৰ

IMG 20260411 141617

Pakistan:✒️পাকিস্তানী ৰূপান্তৰকামী অধিকাৰ কৰ্মী হীনা বালুচৰ এক সাম্প্রতিক ভিডিঅ’ সাক্ষাৎকৰে সামাজিক মাধ্যমত ব্যাপক আলোড়ন সৃষ্টি কৰিছে। ‘কুইয়াৰ গ্ল’বেল’ নামৰ এক ইউটিউব চেনেলত দিয়া সাক্ষাৎকাৰত হীনাই দাবী কৰিছে যে পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুরুষেই সমকামী আৰু বাকী ২০ শতাংশ উভকামী।

তেওঁৰ মতে, দেশখনৰ এজনো পুরুষ প্রকৃতপক্ষে ‘স্ট্রেইট’ বা বিপৰীতকামী নহয়। হীনাৰ এই মন্তব্যই সম্প্রতি পাকিস্তানৰ ৰক্ষণশীল সমাজ ব্যৱস্থাত এক বিশাল বিতৰ্কৰ সৃষ্টি কৰিছে।

উক্ত সাক্ষাৎকাৰত ৰূপান্তৰকামী অধিকাৰ কৰ্মীগৰাকীয়ে পাকিস্তানৰ যৌনতাক এক ‘খোলা ৰহস্য’ বুলি বৰ্ণনা কৰিছে। তেওঁ কয় যে সামাজিক চাপ, ধর্মীয় বাধ্যবাধকতা তথা পাৰিবাৰিক সম্মানৰ ভয়ত মানুহে তেওঁলোকৰ প্ৰকৃত যৌন পৰিচয় গোপন কৰি ৰাখে।

হীনাই জোৰ দি কয় যে মানুহে জনসমক্ষত এই সত্যক অস্বীকাৰ কৰিব তথা ধৰ্ম বা সংস্কৃতিৰ দোহাই দিব, কিন্তু পর্দাৰ আঁৰৰ বাস্তৱখিনি সম্পূর্ণ ভিন্ন। তেওঁ নিজে ডাঙৰ হোৱাৰ অভিজ্ঞতাৰ কথা টানি আনি কয় যে পাকিস্তানৰ সমাজত সমকামিতা অত্যন্ত প্রবল হ’লেও তাক কোনোপধ্যেই স্বীকাৰ কৰা নহয়।

নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে ক’বলৈ গৈ হীনাই জনায় যে শৈশৱত তেওঁৰ বাবে নিজৰ যৌন পৰিচয়তকৈও ডাঙৰ প্রত্যাহ্বান আছিল লিংগ প্রকাশ বা জেণ্ডাৰ এক্সপ্ৰেচন। তেওঁ কয়, ‘মোৰ প্ৰধান দুশ্চিন্তা আছিল কিদৰে ওঁঠত লিপষ্টিক লগাম আৰু পৰিয়ালৰ গালিগালাজৰ পৰা ৰক্ষা পাম। কিদৰে ছোৱালীৰ দৰে পোছাক বা গহনা পৰিধান কৰিব, অথচ মাৰ খাবলৈ নহ’ব। সেয়াই আছিল আচল সংগ্রাম।’ এই ব্যক্তিগত সংগ্ৰামৰ পৰাই তেওঁ পৰৱৰ্তী সময়ত অধিকাৰ আদায়ৰ পথত ভৰি দিছিল।

পাকিস্তানৰ ‘খাজা চিৰা’ বা লিংগ পৰিৱৰ্তনকাৰী সম্প্ৰদায়ৰ দুর্দশাৰ প্ৰসংগতো হীনাই কয় যে গাঁথনিগত বৈষম্যৰ কাৰণে এই সম্প্ৰদায়ৰ মানুহবোৰক ভিক্ষাবৃত্তি, নাচ বা যৌনকৰ্মৰ দৰে সীমিত আৰু শোষণমূলক জীৱিকাত বাধ্য কৰা হয়।

এই প্রথা ভঙাৰ লক্ষ্যৰেই তেওঁ পাকিস্তানত ‘সিন্ধু মুৰাট মাৰ্চ’ আৰু ‘ঔৰত মাৰ্চ’ৰ দৰে আন্দোলনত সক্রিয় ভূমিকা পালন কৰে।

অৱশ্যে হীনাৰ এই অধিকাৰ আদায়ৰ পথ একেবাৰে সহজ নাছিল। তেওঁ জনায় যে এটা প্রতিবাদী কাৰ্যসূচীত ‘প্রাইড ফ্লেগ’ বা ৰামধেনু পতাকা উৰোৱাৰ পাছত তেওঁ চৰম হিংসাৰ চিকাৰ হৈছিল। আনকি আইন প্রয়োগকাৰী সংস্থাৰ হাতত অপহৰণ আৰু নিৰ্যাতনৰ চিকাৰ হোৱাৰ ভয়াৱহ অভিজ্ঞতাৰ কথাও তেওঁ সদৰী কৰে।

জীৱনৰ শংকাৰ বাবেই শেষত তেওঁ পাকিস্তান এৰিবলৈ বাধ্য হয়। সম্প্রতি হীনাই লণ্ডনৰ ছোৱাছ বিশ্ববিদ্যালয়ত জলপানি লৈ অধ্যয়ন কৰি আছে আৰু ব্রিটেইনত ৰাজনৈতিক আশ্রয় গ্ৰহণ কৰিছে। তেওঁৰ এই সাহসী বক্তব্যই যিদৰে প্ৰশংসা পাইছে, সেইদৰে ৰক্ষণশীল মহলত তীব্র সমালোচনাৰ ধুমুহা উঠিছে।

Exit mobile version