Juri Sarma Passes Away:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা জুৰি শৰ্মাৰ দেহাৱসান ৷ জিএমচিএইছত চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱাভাগত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় ঘোষিকা গৰাকীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল জুৰি শৰ্মা ৷ জনপ্ৰিয় ঘোষিকা জুৰি শৰ্মাৰ মৃত্যুত শোকাহত হৈ পৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে তেওঁ পৰিয়ালবৰ্গ ৷
