Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

WhatsApp Image 2026 04 11 at 1.40.07 PM

Majuli:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–তিনি বছৰ পূৰ্বে মাজুলীৰ জেংৰাইমুখত এখন ৰাজহুৱা সভাত এক মাৰধৰৰ ঘটনাৰ ৰায়দান কৰি শুকুৰবাৰে আদালতে তিনিজন বিজেপি নেতাক জৰিমনাসহ কাৰাদণ্ড বিহে।

উল্লেখ্য যে ২০২৪ৰ ১৬ এপ্রিলত তিনি বিজেপি নেতা ক্রমে ৰাজমোহন পেণ্ড ওৰফে ৰাজা, নিগম পেগু আৰু প্ৰশান্ত ৰাজখোৱা ওৰফে মুনীন্দ্ৰই জেংৰাইমুখৰ ৰাজীৱ গান্ধী ক্রীড়া প্রকল্পত অনুষ্ঠিত এখন ৰাজহুৱা সভাত শব্দ নিয়ন্ত্ৰণৰ দায়িত্বত থকা সমৰজিৎ বৰা আৰু তেওঁৰ পুত্ৰ সুশান্ত বৰুৱাক মাৰধৰ কৰে।

পাছত ঘটনা সন্দৰ্ভত জেংৰাইমুখ আৰক্ষী থানাত ১৫/২৫ নম্বৰত এটা গোচৰ ৰুজু হয়। আজি মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশ ত্রিদিপ কুমাৰ ভট্টাচাৰ্যৰ আদালতে গোচৰটোৰ ৰায়দান কৰি এই তিনি বিজেপি নেতাক এবছৰৰ কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহে।

জৰিমনা অনাদায়ে তেওঁলোকে এমাহৰ অতিৰিক্ত কাৰবাস খটাৰ লগতে ভাৰতীয় দণ্ড বিধিৰ ৩২৩/৩৪ৰ অধীনত এমাহৰ কাৰাবাস আৰু এহেজাৰ টকাৰ জৰিমনা ভৰিব লগিব বুলি আদালতে নির্দেশ জাৰি কৰে। এই জৰিমনা অনাদায়ে তিনিওজনে ১০ দিনৰ অতিৰিক্ত কাৰাবাস খাটিব লাগিব। এই গোচৰটোত চৰকাৰী পক্ষৰ পৰা অধিবক্তাৰূপে ফিৰোজ পেগুৱে যুক্তি দর্শায়।

Exit mobile version