Nagaon HSLC Result:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙাৰী হাইস্কুলত আজি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যালয় খনৰ পৰা এইবাৰ ২৪ গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল। য়োৱাকালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনো এগৰাকী পৰীক্ষাৰ্থীয়ে বিদ্যালয়খনৰ পৰা উত্তীর্ণ হব নোৱাৰিলে। বিদ্যালয়খনত ১৭ গৰাকীকৈ শিক্ষকে পাঠদান কৰাৰ পিছতো বিদ্যালয়খনৰ এনে হতাশাজনক ফলাফলত স্থানীয় ৰাইজ আৰু অভিভাবক সকল বিদ্যালয়ত উপস্থিত হৈ শিক্ষকসকলৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিদ্যালয়খনৰ শিক্ষক সকলৰ বিৰুদ্ধে শিক্ষা বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।
