মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদ (অজাপ)ৰ প্ৰাৰ্থী কুংকি চৌধুৰীক আৰক্ষীয়ে চমন দিয়াৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
তেওঁ এই ঘটনাক “আশ্চৰ্যজনক আৰু দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰি ইয়াক গণতন্ত্ৰৰ ওপৰত আঘাত বুলি মন্তব্য কৰে।
গগৈয়ে অভিযোগ কৰে যে, এয়া কেৱল এগৰাকী প্ৰাৰ্থীৰ ওপৰত প্ৰশাসনিক চাপ নহয়, বৰঞ্চ অসমত চলি থকা বিজেপিৰ দমননীতিৰ এক জ্বলন্ত উদাহৰণ।
তেওঁৰ মতে, শাসনক্ষমতাত থকা দলটোৱে পৰাজয়ৰ আশংকাত ভুগিলে বক্ৰপথ অৱলম্বন কৰি ক্ষমতা ধৰি ৰাখিবলৈ চেষ্টা কৰে।
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে প্ৰশাসন আৰু আৰক্ষীক ব্যৱহাৰ কৰিছে, যি গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক বিপজ্জনক সংকেত। ভয়-ভাবুকি আৰু দমন-উৎপীড়নৰ জৰিয়তে বিৰোধীৰ কণ্ঠ দমন কৰাৰ চেষ্টা চলোৱা হৈছে বুলিও তেওঁ অভিযোগ তোলে।
ডীপফেক ভিডিঅ’ প্ৰসংগত গগৈয়ে প্ৰশ্ন তোলে—কুংকি চৌধুৰীয়ে এজাহাৰ দাখিল কৰাৰ পিছতো বিজেপিৰ পালিনেতাসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়? অসম আৰক্ষীয়ে পক্ষপাতমূলক আচৰণ কৰিছে নেকি বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে।
তেওঁ দাবী কৰে যে, মধ্য গুৱাহাটী সমষ্টিত অজাপৰ প্ৰাৰ্থীৰ উত্থান আৰু জয়ৰ সম্ভাৱনাই বিজেপিক আতংকিত কৰিছে, যাৰ ফলত এতিয়া ভয়-ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰা হৈছে। কিন্তু এই ধৰণৰ পদক্ষেপে সত্যক দমন কৰিব নোৱাৰিব বুলি গগৈয়ে উল্লেখ কৰে।
ইফালে, কুংকি চৌধুৰীৰ প্ৰতি সমৰ্থন জনাই তেওঁ কয় যে, তেওঁ অকলশৰীয়া নহয় আৰু অসমৰ বহু লোক তেওঁৰ লগত আছে। এই ঘটনাই অজাপৰ সংগ্ৰামক আৰু শক্তিশালী কৰিব বুলিও তেওঁ মন্তব্য কৰে।
গগৈয়ে প্ৰশাসনক ৰাজনৈতিক অপব্যৱহাৰ বন্ধ কৰাৰ আহ্বান জনাই কয় যে, অসমে কেতিয়াও “গুণ্ডাৰাজ” স্বীকাৰ নকৰে আৰু ৰাজ্যত গণতন্ত্ৰ, ন্যায় আৰু অধিকাৰৰ জয় নিশ্চিত হ’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।
