NASA:✒️চন্দ্রাভিযান সামৰি সুকলমে পৃথিৱীলৈ ঘূৰি আহিল মার্কিন মহাকাশ সংস্থা ‘নাছা’ৰ চাৰি মহাকাশচাৰী। চন্দ্ৰৰ চাৰিওপাশে ঘুৰি ১০ দিন পাৰ কৰাৰ পাছত মহাকাশৰ বুকু ত্যাগ কৰি এই মহাকাশচাৰীয়ে নিৰাপদে পৃথিৱীত ভৰি থৈছে।
ভাৰতীয় সময় অনুসৰি কালি পুৱা মহাকাশচাৰীকেইজনে দক্ষিণ কেলিফ’র্ণিয়া উপকূলত প্ৰশান্ত মহাসাগৰত নিৰাপদে অৱতৰণ কৰে। মহাসাগৰৰ বক্ষত তেওঁলোক কেপচুল নমাৰ পাছতে সকলোৱে স্বস্তিৰ নিশ্বাস ত্যাগ কৰে। মহাকাশ বক্ষত কেপচুলে অৱতৰণ কৰাৰ পাছত লাহে লাহে চাৰিও মহাকাশচাৰীক উদ্ধাৰ কৰি সমুদ্রতীৰলৈ অনা হয়।
উল্লেখ্য যে নাছাৰ এই চন্দ্ৰাভিযানৰ নাম আছিল ‘আর্টেমিছ’। অভিযানৰ দ্বিতীয় পৰ্যায়ত এই চাৰি মহাকাশচাৰীয়ে চন্দ্রাভিযানলৈ যায়। সম্প্রতি ২০২৮ত মহাকাশ অভিযানৰ তৃতীয়টো পর্যায়ত চন্দ্রলৈ মানুহ প্ৰেৰণৰ পৰিকল্পনা কৰিছে মার্কিন মহাকাশ সংস্থাই।
মহাকাশচাৰীকেইজনে কালি নিৰাপদে পৃথিৱীত ভৰি থোৱাৰ পাছতে তেওঁলোকলৈ সামাজিক মাধ্যমযোগে শুভেচ্ছা জনায় মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। এই শুভেচ্ছাবাণীৰ লগতে ট্রাম্পে তেওঁলোকৰ ওচৰত নতুন লক্ষ্যও বান্ধি দিছে।
সামাজিক মাধ্যমত দিয়া প’ষ্টত ট্রাম্পে কয়, ‘আর্টেমিছ-২ৰ এই অসাধাৰণ আৰু অত্যন্ত মেধাৱী সদস্যসকললৈ অভিনন্দন জনালো। গোটেই অভিযান দুর্দান্ত আছিল। অৱতৰণ নিখুঁতভাৱে সম্পন্ন হয়। আমেৰিকা ৰাষ্ট্ৰপতিৰূপে মোৰ বাবে এটা গৌৰৱৰ দিন। হোৱাইট হাউছত আপোনালোকক শীঘ্রে লগ পাম। আমি এই কাম কৰাৰ পাছত আমাৰ পৰৱৰ্তী লক্ষ্য হ’ব মঙল অভিযান।’
চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পাছত মঙলক লৈ যে আমেৰিকা যুক্তৰাষ্ট্ৰই মনোনিৱেশ কৰিব সেয়া এনেদৰে ট্রাম্পে স্পষ্ট কৰি দিছে।
উল্লেখ্য যে উক্ত চাৰিজনীয়া মহাকাশচাৰী দলে যোৱা দুই এপ্ৰিলৰ পুৱা (ভাৰতীয় সময় মতে) চন্দ্র অভিমুখে যাত্ৰা আৰম্ভ কৰে। এই চাৰিজনীয়া মহাকাশচাৰী দলৰ সদস্যসকল হ’ল কমাণ্ডাৰ ৰিড ৱাইছমেন (প্রাক্তন নৌসেনা বৈজ্ঞানিক), বৈমানিক ভিক্টৰ গ্ল’ভাৰ (নাছাৰ ক্রু-১ অভিযানত আছিল), অভিযান বিশেষজ্ঞ ক্রিস্টিনা কছ (মহিলাৰূপে অধিক সময় মহাকাশযান চলোৱাৰ অভিজ্ঞতাসম্পন্ন) আৰু জেৰেমী হানছেন (কানাডাৰ মহাকাশচাৰী)।
ইয়াৰে ৱাইছমেনে পূর্বে মহাকাশত ১৬৫ দিন কটোৱাৰ অভিজ্ঞতা অর্জন কৰি থৈছে। চাৰিজনীয়া দলটোৰ অন্যতম হানছেনে প্ৰথমবাৰৰ বাবে এইবাৰ মহাকাশ অভিযানত অংশ লয়। অৱশ্যে এই চাৰিজনীয়া মহাকাশচাৰী দলৰ লক্ষ্য চন্দ্ৰপৃষ্ঠত অৱতৰণ নাছিল।
বৰঞ্চ এই অভিযানত মহাকাশচাৰীসকলক চন্দ্ৰৰ চাৰিওফালে ঘূৰোৱাৰ ব্যৱস্থা কৰা হয়। সকলো ঠিকে থাকিলে ২০২৮ত এই অভিযানৰ তৃতীয় পর্যায়ৰূপে চন্দ্রপৃষ্ঠত মানুহে পদার্পণ কৰিব। অৱশ্যে পাঁচ দশক পূর্বে চন্দ্রলৈ মানুহ প্ৰেৰণ কৰি যুগৰ সূচনা কৰি থৈছে নাছাই।
১৯৬৯৩ নাছাৰ এপলো মহাকাশযানৰ জৰিয়তে প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত মানুহে পদার্পণ কৰে। ১৯৭২ত এই চন্দ্র অভিযান শেষ হয়। ইয়াৰ ৫৩ বছৰৰ পাছত পুনৰ আর্টেমিছ অভিযানৰ হাত ধৰি নাছাই চন্দ্রাভিযান হাতত লৈছে। সেই অনুসৰি এই চাৰি মহাকাশত ১১ লাখ ১৭ হেজাৰ ৫১৫ কিলোমিটাৰ পৰিভ্ৰমণ কৰে।
