মূৰত ন কোটি টকাৰ ঋণৰ বোজা আছিল। ভাবিছিল, তেওঁ ছবিৰ উদ্যোগত বন্ধুহীন। নিঃস্ব হৈ অৱশেষত তিহাৰ কাৰাগাৰ কর্তৃপক্ষৰ সন্মুখত আত্মসমর্পণ কৰিছিল ৰাজপাল যাদবে। ১২ দিন তেওঁ কাৰাবাস খাটিবলগীয়া হয়।
অৱশ্যে সেই সময়তে তেওঁলৈ সহায়ৰ হাত আগবঢ়ালে ছনু সুদ, ছলমান খান, প্রিয়দর্শনৰ দৰে বলিউদৰ তাৰকাসকলে। ফলত ১২ দিনৰ পাছত কৌতুক অভিনেতাজনে জামিনত মুক্তিলাভকৰে।
যদিও জেলত কটোৱা দিনবোৰৰ কথা ভাবিলে এতিয়াও আবেগপ্রৱণ হৈ পৰে ৰাজপাল। এইবাৰ পৰিচালক-কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানৰ স’তে তেওঁ সেই অভিজ্ঞতা ভাগ কৰিছে।
সম্প্রতি ফাৰাহৰ সম্মুখত জেলত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰিলে ৰাজপালে। ফাৰাহে জানিব বিচাৰে যে জেলত তেওঁ কোনো ধৰণৰ কায়িক শ্রম কৰিবলগীয়া হৈছিল নেকি?
উত্তৰত ৰাজপালে কয়, ‘তাত কোনো পাংখা নাছিল, বহু ধৰণৰ অসুবিধা আছে। অৱশ্যে নিয়মৰে বন্ধা জীৱন। মই এতিয়া যিকোনো স্থানতে স্বাভাবিক হ’ব পাৰিম।’
অৱশ্যে ৰাজপালে লগতে জনায় যে তেওঁ বিশেষ কোনো শ্ৰম কৰিবলগীয়া হোৱা নাছিল, কিয়নো সেই পৰিস্থিতি অহা নাছিল। তেওঁ কয়, ‘অৱশ্যে যিয়েই নহওক, মই তাত থাকিবই লাগিছিল। সেয়ে ভদ্রভাৱে থকাই ভাল।’
