পাণবজাৰ থানাত সোধপোছৰ অন্তত মুক্তি দিলে কুংকি চৌধুৰীক

IMG 20260410 102443

নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত পাণবজাৰ আৰক্ষীয়ে জাৰি কৰা চমন অনুসৰি মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদ (অজাপ)ৰ প্ৰাৰ্থী কুংকি চৌধুৰী দেওবাৰে পুৱা থানাত হাজিৰ হয়। প্ৰায় দুঘণ্টাজোৰা সোধপোছৰ অন্তত আৰক্ষীয়ে তেওঁক যাবলৈ অনুমতি দিয়ে।

থানাৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কুংকি চৌধুৰীয়ে কয়, “মোক আৰক্ষীয়ে মাতিলে বাবে ভাল লাগিল। মই মোৰ বক্তব্য স্পষ্টকৈ আগবঢ়ালোঁ। ছিষ্টেমটোৰ ওপৰত মোৰ বিশ্বাস আছে—তেওঁলোকে তদন্ত সঠিকভাৱে কৰিব বুলি আশা কৰোঁ। মোৰ বিৰুদ্ধে অনা সকলো অভিযোগ সম্পূৰ্ণ মিছা।”

তেওঁ লগতে অভিযোগ কৰে যে, তেওঁ অপৰাধ শাখাত তৰা গোচৰৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

ইফালে, তেওঁ থানাত উপস্থিত হোৱাৰ সময়তে সমৰ্থক আৰু নাগৰিক সমাজৰ লোকসকলে পাণবজাৰ থানাৰ বাহিৰত ভিৰ কৰে। এই সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে, “এইটো কোনো গুৰুতৰ অভিযোগ নহয়। প্ৰাৰ্থীগৰাকীক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এজাহাৰ দাখিল কৰা হৈছে। এই গোচৰৰ বাবে তেওঁক বাৰে বাৰে থানালৈ মাতি থকাৰ কোনো যুক্তি নাই।”

উল্লেখ্য যে, বিগত ন এপ্ৰিলত ভোটগ্ৰহণৰ পাছতে কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ তিনি সদস্যক পাণবজাৰ আৰক্ষীয়ে ৭৪/২৬ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

পিছদিনা তেওঁলোকক জামিনত মুক্তি দিয়া হয়। একেটা গোচৰৰ ভিত্তিত এইবাৰ প্ৰাৰ্থীগৰাকীকো তলব কৰা হয়।

Exit mobile version