বিয়াৰ পাছতে নতুন অতিথিৰ আগমন ৰশ্মিকাৰ জীৱনলৈ!

vijay devarakonda and ras.1.3723742

Vijay Devarakond:✒️এই মুহূর্তত অন্যতম আলোচিত বিষয় হৈছে দক্ষিণৰ দুই তাৰকা বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মন্দানাৰ বিয়া। মাত্ৰ ডেৰ মাহৰ পূৰ্বে তেওঁলোকৰ দাম্পত্য জীৱন আৰম্ভহৈছে। সম্প্রতি ৰশ্মিকাই জনাইছে যে তেওঁলোক দুইৰ পৰা তিনিজন হৈছে।

অভিনেত্ৰীৰ এনে প’ষ্ট দেখি একাংশ অনুৰাগীয়ে স্বাভাৱিকতে নরদম্পতীক শুভেচ্ছা জনাবলৈ আৰম্ভ কৰিছে। অৱশ্যে যিসকলে ৰশ্মিকাক ভালদৰে জানে, তেওঁলোকে ঠিকেই ইয়াৰ অৰ্থ বুজি পাইছে।

অভিনেত্ৰীগৰাকীয়ে যিটো ভিডিঅ’ প’ষ্ট কৰিছে, তাত তেওঁৰ স’তে বিজয় আৰু এপাহ সূর্যমুখী ফুলৰ এনিমেচন দেখা গৈছে। কিছু মাহৰ পূৰ্বে ৰশ্মিকাই সামাজিক মাধ্যমত নিজৰ এটা পেজ সৃষ্টি কৰিছে। ইয়াৰ নাম হৈছে ‘ ৰশ্মিকা এণ্ড ক’। ‘ক’ হৈছে এই বিশেষ সূর্যমুখীৰ নাম।

জনপ্রিয় সংস্থা ‘টেৰিবলি টাইনি টেলছ’ৰ সহযোগত এই পৃষ্ঠাই এনিমেটেড ছিৰিজ প্রস্তুত কৰে।এই পৃষ্ঠাটো প্ৰধানকৈ ৰশ্মিকাৰ ব্যত্তিত্বৰ দ্বাৰা অনুপ্রাণিত। তেওঁ অত্যন্ত ‘এনিমে’ অনুৰাগী।

এই পৃষ্ঠাৰ মাধ্যমেৰে তেওঁ সমাজত ইতিবাচকতা বিয়পোৱাৰ উদ্যোগ লোৱা বুলি অভিনেত্ৰীগৰাকীয়ে জনাইছিল। তেওঁ আৰু ‘ক’ৰ জীৱনত এতিয়া নতুন সংগী হ’ল বিজয়। অৱশ্যে অনুৰাগীসকলে ভুল বুজি ৰশ্মিকাক মাতৃ হ’বলৈ ওলোৱা বুলি শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে যোৱা ২৬ ফেব্ৰুৱাৰীত মহা আড়ম্বৰৰে তেওঁলোকৰ বিয়া হৈছিল।

Exit mobile version