সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

2r3425r345

ভাৰতীয় সংগীত জগতত এক বৃহৎ ক্ষতি । কিংবদন্তী প্লেবেক গায়িকা আশা ভোছলেৰ দেহাৱসান। ৯২ বছৰ বয়সত মুম্বাইত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘ সাত দশকৰো অধিক সময়জুৰি বিস্তৃত সংগীত জীৱনত তেওঁ হেজাৰ হেজাৰ গীতত কণ্ঠ দান কৰি ভাৰতীয় চলচ্চিত্ৰ সংগীতক এক নতুন উচ্চতালৈ লৈ গৈছিল।

হিন্দীৰ লগতে বিভিন্ন ভাৰতীয় ভাষাতো গীত গাই তেওঁ দেশ-বিদেশত অগণিত অনুৰাগীৰ হৃদয় জয় কৰিছিল।

তেওঁৰ দেহাৱসানে সমগ্ৰ দেশত শোকৰ ছাঁ পেলাইছে । ৰাজনৈতিক নেতা, চলচ্চিত্ৰ জগতৰ ব্যক্তিত্ব আৰু সংগীতপ্ৰেমীসকলে এই মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

আশা ভোছলেৰ মৃত্যুৰে ভাৰতীয় সংগীত জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি হ’ল।

Exit mobile version