ৰঙালীক আদৰিবলৈ সাজু দৰঙৰ শিপিনী

দলগাঁৱৰ নিজদলগাঁৱত তাঁতশালৰ খটখটনি

IMG 20260412 WA00111

আজি বিহু বিহু কালি বিহু বিহু, নাহৰ ফুল ফুলিবৰ হ’ল! বসন্তৰ পৰশত প্ৰকৃতিয়ে ন-ৰূপ ধাৰণ কৰাৰ লগে লগে এতিয়া ৰাজ্যজুৰি বিহুৰ উখল-মাখল পৰিৱেশ। কুলি-কেতেকীৰ মিঠা মাত আৰু নাহৰ-কপৌৰ সুবাসে সোঁৱৰাই দিছে যে ৰঙালী বিহুটি পালেহিয়েই।

প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ সমান্তৰালভাৱে এতিয়া ব্যস্ততা বাঢ়িছে দৰং জিলাৰ দলগাঁৱৰ নিজদলগাঁৱৰ শিপিনীসকলৰ। বিহু বুলি ক’লেই চেনেহৰ গামোছাখন অবিহনে আধৰুৱা। সেয়েহে, চেনেহৰ বিহুৱানখন প্ৰিয়জনক উপহাৰ দিবলৈ এতিয়া নিজদলগাঁৱৰ গাঁৱত দিন-ৰাতি একাকাৰ কৰি তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনী সকল।

বসন্তৰ আগমনত ধূলিয়ৰী প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে। গছ-লতিকাত নতুন কোঁহ মেলিছে, কঁঠালৰ মুছি আৰু গৰুৰ চালে বিহুৰ বতৰা দিছে। গাভৰুৰ হাতৰ পৰশত তাঁতশালত প্ৰাণ পাই উঠিছে ৰঙা সূতাৰ ভমকা ফুলীয়া গামোচাই।

এগৰাকী শিপিনীয়ে জনোৱা মতে বিহু আহিলেই আমাৰ কামৰ হেঁচা বাঢ়ি যায়। চেনেহৰ গামোচাখন নিজৰ হাতেৰে বৈ প্ৰিয়জনক দিবলৈ পোৱাটো এক সুকীয়া আনন্দ। সেইবাবে ঘৰৰ যাৱতীয় কামৰ মাজতে আমি তাঁতশালত বহিছোঁ।

দৰঙৰ চুকে-কোণে হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে।

Exit mobile version