আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে পূব-গুৱাহাটী বিহু সন্মিলনে এইবাৰ ৬৫ সংখ্যক সমাৰোহ বাৰেৰহণীয়া কাৰ্যসূচীৰে আয়োজন কৰিবলৈ সাজু হৈছে।
অহা ১৪ এপ্ৰিল (৩১ চ’ত)ৰ পৰা ১৭ এপ্ৰিল (৩ ব’হাগ), ২০২৬ লৈ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই সমাৰোহ অনুষ্ঠিত হ’ব।
সমিতিৰ ফালৰ পৰা জনোৱা অনুসৰি, চাৰি দিনীয়া এই বৰ্ণাঢ্য অনুষ্ঠানত গৰু বিহু, সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত খেল-ধেমালি আদি বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।
বিশেষকৈ ১৪ এপ্ৰিলৰ ৰাতিপুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া গৰু বিহুৰ অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা জনোৱা হৈছে।
উল্লেখ্য যে, পূব-গুৱাহাটী বিহু সন্মিলনৰ এই দীৰ্ঘদিনীয়া আয়োজনটো অঞ্চলটোৰ অন্যতম ঐতিহ্যমণ্ডিত বিহু উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে।
সমাৰোহখন সাফল্যমণ্ডিত কৰিবলৈ সংবাদকৰ্মী আৰু ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
