বিজনীত ৰঙালী বিহুৰ বৰ্ণাঢ্য আয়োজন, সংবাদমেলত প্ৰকাশ সবিশেষ

Screenshot 20260413 212230

বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ সংবাদমেল আগন্তুক ৰঙালী বিহু উপলক্ষে চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ঘোষণা । সমিতিৰ উদ্যোগত ৩০ চ’ত, ১, ৯ আৰু ১০ বহাগত বিভিন্ন সাংস্কৃতিক আৰু পৰম্পৰাগত অনুষ্ঠানৰ জৰিয়তে বিহু উদযাপন কৰা হ’ব।

এই সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত কাৰ্যকৰী সভাপতি অমেন চন্দ্ৰ বায়ন আৰু সাধাৰণ সম্পাদক সুদীপ চন্দই অনুষ্ঠানৰ বিস্তৃত কাৰ্যসূচী আৰু ব্যৱস্থাপনাৰ বিষয়ে সবিশেষ তথ্য আগবঢ়ায়।

সমিতিৰ মতে, এইবাৰৰ আয়োজনত স্থানীয় শিল্পীসকলৰ লগতে বহু আকর্ষণীয় কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে অঞ্চলটোৰ সাংস্কৃতিক পৰিবেশ অধিক জীপাল কৰি তুলিব।

Exit mobile version