Bohag bihu:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ব’হাগক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্য ৷আজি ব’হাগ বিহুৰ উৰুকা ,কাইলৈ গৰু বিহু। গুৱাহাটী মহানগৰীতো বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। বিহুত প্রয়োজনীয় সামগ্ৰীৰে উভয়নদী বজাৰসমূহ ৷ গণেশগুৰি সহ মহানগৰীৰ বিভিন্ন বজাৰত ক্ৰেতাৰ ভীৰ ৷ আনহাতে গো-ধনক নোৱাবলৈ-ধোৱাবলৈ চহা কৃষকৰ ব্যাপক প্রস্তুতি। দীঘলতি, মাখিয়তি পাতেৰে ভৰি পৰিছে বজাৰ।
একেদৰে হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে প্রতিজন অসমীয়া। ম’হৰ শিঙৰ জুৰীয়া পেঁপাৰে বিহু মঞ্চ কঁপাবলৈ সাজু ৰাজ্য বিভিন্ন প্ৰান্তৰ বিহু দল সমূহ ৷ চৌদিশে উছাহ-উদ্দীপনাৰ মাজত বিহুৱা-বিহুৱতীৰ লগতে শিল্পীসকলৰ মাজতো উছাহৰ ধল। হুঁচৰি দলসমূহো ব্যস্ত আখৰাত।
আনহাতে ৰাজ্য প্রান্তে প্রান্তে চলিছে বিহু নাচৰ কৰ্মশালা। গোৱালপাৰাৰ লক্ষীপুৰৰ ৰংডবা গাঁৱত বড়ো সম্প্ৰদায়ৰ লোকসকলো বৈশাগু উৎসৱৰ আখৰাত ব্যস্ত হৈ পৰিছে ৷ বিহুৰ পৰম্পৰা ৰক্ষা কৰি বিহুক আদৰিবলৈ সাজু মৰাণৰ সমীপৰ খোৱাং বেজদুলীয়া গাঁৱৰ একাংশ যুৱতীসকল ৷ তেওঁলোকে হাতত জেতুকা লৈ বিহুৰ বাবে চলাইছে পূৰ্ণ প্রস্তুতি। একেদৰে দৈ প্ৰস্তুতকৰণত ব্যস্ত গোৱালসকল। টীয়ক জাঁজীমুখৰ ম’হৰ খুটিৰ গাখীৰ সংগ্ৰহত ব্যস্ত হৈছে গোৱালসকল ৷
