Firing incident in Paresh Asom Residence:আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ গুলীচালনা

চাবুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহলৈ মাজনিশা দুর্বৃত্তৰ গুলী, ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া

WhatsApp Image 2026 04 13 at 11.51.44 AM

Firing incident in Paresh Asom Residence:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনাৰ । চাবুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহলৈ নিশা ১২ মান বজাত দুৰ্বৃত্তই নিৰ্বিচাৰ দুই জাঁই গুলীবৰ্ষণ ঘটনা সংঘটিত কৰাৰ অভিযোগ পৰেশ অসম জ্যেষ্ঠ ভাতৃৰ পৰিয়ালৰ ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ ঘটনাৰ পিছত স্থানীয় গঞা আৰু আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে দুদিন পূর্বে মূলসুঁতিলৈ উভতিছিল পৰেশ অসমৰ বিশ্বস্ত সহযোগী অৰুণোদয় দহোটীয়া ৷ দহোটীয়া মূলসুঁতিলৈ ঘূৰি অহাৰ দুদিনৰ পাছতে দুর্বৃত্তৰ  দ্বাৰা সংঘটিত গুলীচালনা ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হয় ৰাজ্যজুৰি ৷

Exit mobile version