Three schools in Nagaon are closed:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- যি সময়ত চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাত সামগ্রিক ফলাফলক লৈ উদ্বেগৰ সৃষ্টি হৈছে তেনে সময়তে নিৰ্বাচনৰ ইভিএমৰ ষ্ট্ৰংকম স্থাপনৰ নামত নির্বাচন আয়োগ আৰু প্রশাসনে নগাঁৱত এক অবিবেচক কাণ্ড সংঘটিত কৰিলে। যোৱা ন এপ্রিলত ভোটগ্রহণ সম্পন্ন হোৱা বিধানসভা নির্বাচনৰ নগাঁৱৰ সাতটা বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰসমূহৰ ইভিএম জিলাখনৰ তিনিখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিছে আয়োগ তথা প্রশাসনে।
ফলত এই শিক্ষানুষ্ঠানকেইখনত প্রায় এমাহ ধৰি পাঠদান ব্যাহত হোৱাটো নিশ্চিত হৈছে। এনেদৰে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনৰ অবিবেচক সিদ্ধান্তৰ ভুক্তভোগী হ’ব লগা এই তিনি শিক্ষানুষ্ঠান হ’ল নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়।
উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন, পৌৰসভাৰ নিৰ্বাচন, তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন, লোকসভা নির্বাচন, বিধানসভা নির্বাচনত এই চৰকাৰী বিদ্যালয়কেইখনৰ পাঠদান বন্ধ হৈ পৰাটো এক নিয়মতেই পৰিণত হৈছে। এইবাৰো ইয়াৰ কোনো ব্যতিক্রম নহ’ল। কিয়নো নিৰাপত্তাৰ খাতিৰতেই প্রতিটো নির্বাচনতে প্রশাসনে এই চৰকাৰী বিদ্যালয়কেইখনত স্থাপন কৰে নিৰ্বাচনৰ সামগ্রী বিতৰণৰ কোষ। তদুপৰি এইবাৰো বিধানসভা নিৰ্বাচনৰ বাবে এই তিনি বিদ্যালয়তে স্থাপন কৰা হৈছে জিলাখনৰ সাতটা বিধানসভা সমষ্টি ক্রমে ধিং, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ষ্ট্ৰংকম তথা ভোটগণনা কেন্দ্র।
উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰা হেতুকে সংসদীয় সমষ্টিটোত সোনকালেই উপ-নির্বাচনো অনুষ্ঠিত হ’ব। তেতিয়াও সেই একেই দশা হ’ব সংশ্লিষ্ট বিদ্যালয়কেইখনৰ। ইপিনে, চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠান তিনিখনত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও পাঠদান ব্যাহত হৈ থাকে। চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক নহয় বুলি চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে প্ৰায়েই সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষকেই প্রত্যক্ষভাৱে জগৰীয়া কৰি আহিছে। কিন্তু বিভিন্ন চৰকাৰী বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা, নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা আদিৰ বাবে নগাঁও চহৰৰ এই তিনিখন চৰকাৰী খণ্ডৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ পাঠদান ব্যাহত হৈ থকাত ভীষণ ক্ষতিগ্রস্ত হয় শিক্ষার্থীসকল।
