গৰু বিহুৰ দিনাই গোৱালপাৰাৰ কৃষ্ণাইৰ ভোজমালাত কৰুণ ঘটনা

গৰুক গা ধুৱাবলৈ গৈ কৃষ্ণাই নৈত উটি গ'ল দুই যমজ ভাতৃ

IMG 20260414 WA0070

Goalpara krishnai Incident:✒️মঙলবাৰে গৰু বিহুৰ আনন্দ উছাহৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ ভোজমালাত শোকাৱহ ঘটনা ৷গৰুক গা ধুৱাবলৈ গৈ কৃষ্ণাই নৈত উটি যায় দুই যমজ ভাতৃ ৷

হঠাতে সংঘটিত ঘটনাত গৰুক গা ধুৱাবলৈ অহা আন গঞাই হুৱাদুৱা লগাই ৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ জোৱানে নৈৰ বুকুত অভিযান চলাই উদ্ধাৰ কৰে দুই শিশু নিঠৰ দেহ ৷

মৃত দুই শিশুৰ নাম দীপাংকৰ নাথ আৰু দেৱাশিস নাথ ৷ দুয়ো নৱম শ্ৰেণীৰ ছাত্ৰ ৷ আকস্মিক ঘটনাত শোকাহত হৈ পৰে যমজ শিশু দুটিৰ পৰিয়াল আৰু সমগ্ৰ ভোজমালা অঞ্চল ৷

Exit mobile version