Nagaon Police Bihu:✒️আজি ৰাজ্যজুৰি উদযাপিত হৈছে গৰু বিহু ৷ ৰাজ্যৰ চৌদিশে বিহুৰ আনন্দ উছাহৰ অত্যন্ত ব্যস্ততাৰ মাজতে নগাঁৱৰ আৰক্ষীৰ বিষয়া-জোৱান সকলেও সমূহীয়াভাৱে উদযাপন কৰে বিহু ৷
নগাঁও চহৰৰ পুলিচ ৰিজাৰ্ভ খেলপথাৰত মঙলবাৰে জিলা আৰক্ষী প্ৰশাসনে পুৱাভাগত আয়োজন কৰা মুকলি বিহুত আৰক্ষী জোৱান সকলে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লয়নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্রতিম দাসে ৷
