গৰু বিহুৰ দিনাই কামৰূপ জিলাৰ বিজয়নগৰত এক চাঞ্চল্যকৰ ঘটনা। পলাশবাৰী হুদুমপুৰৰ ব্যৱসায়ী তপন কলিতাই বিহুৰ বজাৰ কৰিবলৈ বিজয়নগৰ বজাৰলৈ যোৱাৰ সময়ত তেওঁৰ গাড়ীত চুৰিৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য অনুসাৰে, আজি পুৱা প্ৰায় আঠ বজাত AS01GG2326 নম্বৰৰ স্কৰপিঅ’ বাহন লৈ বজাৰলৈ গৈছিল তপন কলিতা। সেই সময়তে অজ্ঞাত এজন যুৱকে বাহনখনৰ গ্লাছ ভাঙি ভিতৰত থকা বেগ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে।
অৱশ্যে স্থানীয় ৰাইজৰ সজাগ ভূমিকা ফলত যুৱকজনক হাতে লোটে ধৰি আটক কৰা হয় আৰু উত্তম-মধ্যমো সোধায়।
পাছত ধৃত যুৱকজনক বিজয়নগৰ আৰক্ষী চকীত সমৰ্পণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গাড়ীৰ গ্লাছ ভাঙিবলৈ ব্যৱহৃত সামগ্ৰীসমূহো জব্দ কৰিছে।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত যুৱকজন ইৰানী গ্ৰুপৰ সদস্য হোৱাৰ সন্দেহ কৰা হৈছে আৰু এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে সোধ-পোচ অব্যাহত ৰখা হৈছে।
