দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হ’ব ড:হিমন্ত বিশ্ব শর্মা

চলিতবৰ্ষৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি আছে মুখ্যমন্ত্ৰীৰ

IMG 20260415 WA0063

Barpeta Satra:✒️পৰম্পৰাগত ভাৱে অতীজৰে চলি অহা পৰম্পৰা অনুসৰি বুধবাৰে পহিলা ব’হাগৰ দিনা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোৰ পুৱা বৰপেটা সত্ৰৰ নাম প্ৰসংগৰ পিছত বৰপেটা সত্ৰত বহুচৰ্চিত বর্ষফল গণনা কৰা হয়। পূৰ্বৰে পৰা ধৰি চলি অহা এই বর্ষফল গণনা কৰে সত্ৰৰ দৈৱজ্ঞ ত্রিদিপ দেৱ শৰ্মাদলৈয়ে l

উল্লেখ্য যে সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্রথমে বর্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে। স্মতৰ্ৱ্য যে বৰ্ষফল গণনা শুনিবলৈ মঠৰ চোতালত অগণন ভকত আইসকলৰ সমাবেশ ঘটে ।

আজি ঘোষিত বৰ্ষফল মতে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হ’ব ড:হিমন্ত বিশ্ব শর্মা ৷
চলিতবৰ্ষৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি আছে মুখ্যমন্ত্ৰীৰ । একেদৰে এনডিএ মিত্রজোঁটে লাভ কৰিব ‘৮০- ৯০ খন আসন ৷

ইপিনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ ক্ষণ গণনা অনুসাৰে কেতু আৰু শুক্ৰৰ দশ চলি থকাৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাৰীৰিক, মানসিক কষ্ট পাব আৰু শত্রু বৃদ্ধি হ’ব৷ একেদৰে প্রধানমন্ত্রী মোদীৰ মংগলৰ দশা আৰু জন্ম দশাৰ ফলত অনাগত ২০২৭ চনৰ ৬ ডিচেম্বৰলৈ শুভ। কিন্তু মাঘ মাহৰ পিচত সলনি হ’ব পাৰে দেশৰ প্ৰধানমন্ত্রী বুলি বৰ্ষফলত উল্লেখ কৰে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্রিদিপ দেৱ শৰ্মাদলৈয়ে ৷

Exit mobile version