নগাঁৱৰ কন্দলীৰ জাপিসজীয়া গাঁৱত শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ

IMG 20260415 WA0089

Bardoisila utsav Celebration in Kandali::✒️নগাঁও জিলাৰ পাহাৰীয়া অঞ্চল কন্দলীৰ জাপিসজীয়া গাঁৱত শতিকা প্ৰাচীন বৰদৈচিলা উৎসৱ বুধবাৰে উদযাপন কৰা হয় ৷ অঞ্চলটোৰ হৰি মন্দিৰত আড়ম্বৰপূৰ্ণভাৱে এই উৎসৱ উদযাপিত হয়।

গাঁওখনৰ সামূহিক উন্নয়ন আৰু মাৰি-মৰক দূৰ হ’বৰ বাবেই প্ৰতিবছৰে পহিলা ব’হাগত অনুষ্ঠিত কৰি আহিছে এই উৎসৱ ৷ বৰদৈচিলাই যাতে তাণ্ডৱৰ সৃষ্টি নকৰে তাৰ বাবেই গাঁৱৰ ৰাইজে নাম-কীৰ্তন কৰে ৷ আনহাতে অস্থায়ী দৰা-কইনাক অযান্ত্ৰিক বাহনত উঠাই উলিয়াই হয় এক ব্যতিক্ৰমী শোভাযাত্ৰা ৷

Exit mobile version