বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে সম্রাট চৌধুৰীয়ে

পাটনাৰ লোকভৱনত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত চৌধুৰীক শপতবাক্য পাঠ কৰোৱাই ৰাজ্যপালে

IMG 20260415 WA0040

Bihar CM Samrat Choudhary Oath::✒️ বিহাৰৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিল। হিন্দীবলয়ৰ অন্যতম ৰাজ্য বিহাৰে মঙলবাৰে লাভ কৰিলে গেৰুৱা মুখ্যমন্ত্ৰী ৷ৰাজ্যৰ ২৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধৰীয়ে। পাটনাৰ লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল চৈয়দ আতা হাছনাইনে তেওঁক শপত আৰু গোপনীয়তাৰ পাঠ কৰোৱাই।

এই উপলক্ষে নীতিশ কুমাৰকে ধৰি বিজেপি আৰু জেডিইউৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। শপত গ্ৰহণ কৰাৰ পিছত সম্ৰাট চৌধুৰীয়ে আজিৰে পৰা কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰি প্ৰথমটো বক্তব্য আগবঢ়ায়। তেওঁ বিহাৰৰ জনসাধাৰণক সন্তুষ্ট কৰি ৰখাৰ লগতে নৰেন্দ্ৰ মোডী আৰু নীতিশ কুমাৰৰ উন্নয়নৰ আৰ্হি ৰাজ্যখনত ৰূপায়ণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

উল্লেখ্য যে নতুন চৰকাৰত দুজন নতুন উপ -মুখ্যমন্ত্ৰী ৰখা হৈছে ৷ তেওঁলোক হ’ল বিজয় কুমাৰ চৌধাৰী আৰু বিজেন্দ্ৰ প্ৰসাদ যাদৱক ৷ দুয়োজন অভিজ্ঞ নেতা আৰু দীৰ্ঘদিন ধৰি ৰাজনীতিত সক্ৰিয় হৈ আছে। । ইয়াৰ পূৰ্বে বিহাৰৰ অধিক সময়ৰ মুখ্যমন্ত্ৰী পদত থকা নীতিশ কুমাৰে মঙলবাৰে মুখ্যমন্ত্ৰীোপদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছতে বিজেপি বিধায়িনী দলে সম্ৰাট চৌধাৰীক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰি নেতা হিচাপে নিৰ্বাচিত কৰে।

ইপিনে,বহু নেতাই নতুন চৰকাৰ গঠনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। নীতিশ কুমাৰে ছ’চিয়েল মিডিয়াত সম্ৰাট চৌধাৰীক অভিনন্দন জনাই কয় যে তেওঁৰ নেতৃত্বত বিহাৰ দ্ৰুতগতিত বিকশিত হ’ব আৰু অগ্ৰগতি লাভ কৰিব।

একেদৰী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নতুন দলটোক অভিনন্দন জনাই কয় যে এই চৰকাৰে ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যাব। মুঠৰ ওপৰত বিহাৰৰ জনসাধাৰণে নতুন চৰকাৰৰ পৰা বহু প্ৰত্যাশা আছে।

Exit mobile version