বালিপৰা মণ্ডল কংগ্ৰেছৰ উপসভাপতি,সাধাৰণ সম্পাদক তথা বিভিন্ন কোষৰ দায়িত্বত থকা ২০জনক কংগ্ৰেছ দলৰ পৰা নিলম্বন৷এইসকলৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে৷উল্লেখযোগ্য যে,বালিপৰা মণ্ডল কংগ্ৰেছৰ উপসভাপতি ৰাজু হুছেইন,সধাৰণ সম্পাদক ৰাজীৱ বৰুৱা সহ মুঠ ২০জনৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে এই শাস্তিমূলক ব্যৱস্থা৷
সদ্যসমাপ্ত ৰাজ্যৰ বিধান সভা নিৰ্বাচনত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত শোণিতপুৰ জিলাৰ বালিপৰা মণ্ডল কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে ২০জনক৷এইসকলে ২০২৬ চনৰ হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে তেওঁলোকক নিলম্বিত কৰা হল বুলি শোণিতপুৰ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিক জনাইছে বালিপৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ চাহু আৰু সাংগঠনিক সাধাৰণ সম্পাদক আলা উদ্দিনে৷ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা নিলম্বিত সকলৰ এই তালিকা প্ৰেৰণ কৰা হৈছে৷
