সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেঁচা পৱন খেড়াৰ

খেড়াৰ অন্তৱৰ্তীকালীন জামিন স্থগিতাদেশ ন্যায়ালয়ৰ

Pawan Khera

Pawan Khera:✒️কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াৰ মুখথেকেঁচা সৰ্বোচ্চ ন্যায়ালয়ত ৷ তেলেংগানা উচ্চ ন্যায়ালয়ৰ এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ৷
.উল্লেখ্য যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখন ৰাষ্ট্ৰৰ পাচপোৰ্ট আছে বুলি এক সংবাদমেলত উল্লেখ কৰিছিল কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই ৷

খেড়াৰ এই অভিযোগ পোনচাটেই নাকচ কৰে ৰিণিকি ভূঞা শৰ্মাই ৷ ইয়াৰ পিছত পৱন খেড়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটী ক্ৰাইম বাঞ্চত এক গোচৰ ৰজু কৰে ৷ এই গোচৰৰ ভিত্তিত গুৱাহাটী ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীস্থিত বাসগৃহত অভিযান চলাই খেড়াৰ শুংসূত্ৰ উলিয়াব নোৱাৰি তেওঁৰ ঘৰৰ পৰা এটা লেপটপ,এটি পেইন ড্ৰাইভ সহ কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷

আনহাতে অজ্ঞাতস্থানত থাকিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন আৱেদন কৰে যদিও জামিন লাভ কৰিবলৈ সক্ষম নহ’ল ৷অৱশ্যে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাতদিনা অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ হয় ৷

ইপিনে খেড়াৰ অগ্ৰিম জামিনৰ বিৰুদ্ধে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অসম চৰকাৰ ৷অৱশেষত বুধবাৰে খেড়াৰ অন্তৱৰ্তীকালীন জামিন স্থগিতাদেশ নিৰ্দেশনা জাৰি কৰে সৰ্বোচ্চ ন্যায়ালয়ে৷ লগতে আদালতে তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নির্দেশ দিয়ে পৱন খেড়াক ।

Exit mobile version