বৰেণ্য সাহিত্যিকসকলৰ গৃহলৈ গৈ চৰণ স্পৰ্শেৰে সন্মান জনালে অসম সাহিত্য সভা-কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নেতৃত্বই”**

IMG 20260416 WA0240

অসম সাহিত্য সভাই সৱলভাৱে, সুষ্ঠ- নিকা ধৰণেৰে নেতৃত্ব দিব লাগিব। সাহিত্য সভাৰ বলিষ্ঠ প্ৰদক্ষেপত জাতিৰ প্ৰাণ সঞ্চাৰিত হ’ব লাগিব। পদ্মনাথ গোহাঞি বৰুৱা, সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, কমলাকান্ত ভট্টাচাৰ্য, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী আদিয়ে বিচৰা অসমখন গঢ়িব লাগিব।

অসম সাহিত্য সভা আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাই যুটীয়াভাৱে পহিলা ব’হাগত আয়োজিত “নিজৰ দিন”ৰ সম্ভাষণ গ্ৰহণ কৰি এনেদৰে মত ব্যক্ত কৰে সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি, বৰ্ষিয়ান সাংবাদিক, চিন্তাবিদ কনকসেন ডেকাই। সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ ধ্ৰুৱজ্যোতি বৰা আৰু ড০ কুলধৰ শইকীয়া, সাহিত্যচাৰ্য তথা বৰেণ্য শিক্ষাবিদ ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য, সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, গল্প ভাস্কৰ তথা বিশিষ্ট ব্যংগ সাহিত্যিক ৰিজু হাজৰিকা, জাতীয় কবি- সমালোচক আনিছ উজ জামান, সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা নাট্যকাৰ ড০ জগদীশ পাটগিৰি আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা অসম সাহিত্য সভাৰ দীৰ্ঘকাল বিভিন্ন পদৱীত থকা হেমেন তালুকদাৰৰ নিজ নিজ গৃহত গৈ বিহুৱান, প্ৰশস্তি পত্ৰ আৰু তামোল-পানেৰে সাহিত্য সভাৰ নেতৃবৰ্গই আদৰ সম্ভাষণ জ্ঞাপন কৰে।

এই মহৎ কাৰ্যসূচীত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, গুৱাহাটী কাৰ্যলয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মণ, সম্পাদক অৰুণ কুমাৰ মহন্ত, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সাংস্কৃতিক আহ্বায়ক পদুমী পাঠক, সভাৰ প্ৰাক্তন কেন্দ্ৰীয় ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱা, তথ্য-প্ৰযুক্তিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, কবি সন্মিলনৰ আহ্বায়ক নৱ ৰাজন, জিলা প্ৰাক্তন উপ-সভাপতি হৰেশ্বৰ ডেকা, বিষয় ববীয়া বিৰজা দেৱী, ৰমেন ভৰালী, নৱ মালাকৰ, যুটিকা পাটোৱাৰী প্ৰভৃতিয়ে অংশগ্ৰহণ কৰে। সাহিত্য সভাৰ বৃহৎ সঁজাতি দলটোৱে প্ৰতিগৰাকী সাহিত্যিকৰ গৃহলৈ গৈ চৰণ চুই সেৱা কৰে।

“নিজৰ দিন”ত সাহিত্য সভাৰ কৰ্মকৰ্তাসকল নিজৰ গৃহৰ পদুলিত দেখি বৰেণ্য সাহিত্যিকসকলৰ চকু চলচলিয়া হৈ পৰে। সকলোৰে এটাই আশা- যোগাত্মক চিন্তাধাৰাৰে অসমক আগুৱাই নিব লাগিব। কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব।

Exit mobile version